top of page

গল্প-কবিতা-গীতেৰে মূখৰিত সাহিত্য চ'ৰা অনুষ্ঠান।।

Writer's picture: Timeline AsomTimeline Asom

মাণিপুৰ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ।গল্প-কবিতা-গীতেৰে মূখৰিত সাহিত্য চ'ৰা অনুষ্ঠান।।


📝 মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত মাণিপুৰ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে(১ আগষ্ট) দিনযোৰা কাৰ্যসূচীৰে মাণিপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত উদযাপন কৰে। কাৰ্য্যসূচী অনুসৰি পূৱা ৯ বজাত পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ দাসে। বন্তি প্ৰজ্জ্বলন কৰে শাখাৰ উপদেষ্টা তোষেশ্বৰ ডেকাই। ইয়াৰ পিছতে ১১ বজাত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাণিপুৰ শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ দাসৰ সঞ্চালনত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। মাণিপুৰ শাখা সাহিত্য সভাৰ সম্পাদক বাবুমনি হীৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে সম্বৰ্ধনা অনুস্থানটিৰো আঁত ধৰে। নৱ গঠিত অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ উপ-সভাপতি জয়ন্ত ডেকা,নৱ নিৰ্বাচিত জিলা সাহিত্য সভাৰ উপ-সভাপতি চিমল ডেউৰী, জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক পিনাকীভূষন মহন্তক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পাছত কাৰ্যসূচী অনুসৰি তেওঁলোকে নিজৰ বক্তব্য আগবঢ়ায়। সভাৰ মাজতে অসম শিশু শিক্ষা সমিতিয়ে অনলাইনযোগে অনুস্থিত কৰা বন্দনা প্ৰতিযোগিতাত অসমৰ ভিতৰতে তৃতীয় স্থান প্ৰাপ্ত মাণিপুৰ শিশু নিকেতনৰ ছাত্ৰী কুইন দেৱী আৰু অসমীয়া চুটি ছবি নিৰ্মাণৰ লগত জড়িত শিশু শিল্পী ধীৰাজ নাথক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। শাখাটিৰ তিনিমহীয়া সাহিত্য চ'ৰা শিতানত কেইবাজনো নবিন প্ৰবিন কবি ক্ৰমে,তোষেশ্বৰ ডেকা,ভূপেন কুমাৰ নাথ,চিমল দেউৰী,পিনাকীভূষন মহন্ত,মনোজ নাথ,চিন্তু পাতৰ,অজিত দাস,বাবুল বৰদলৈ,ভৰত কুমাৰ নাথ,সোনাৰাম নাথ আৰু পিংকী বৰঠাকুৰে স্ব-ৰচিত কবিতা পাঠ কৰাৰ উপৰিও বাবুমনি হীৰা, হৰেশ্বৰ পাটৰ আৰু লোহিত চন্দ্ৰ দাসে গল্প,প্ৰবন্ধ পাঠ কৰে। বিশেষকৈ দীপক দেৱনাথৰ লগতে উদীয়মান কণ্ঠ শিল্পী হীৰক জ্যোতি কোঁৱৰ, কুইন দেৱীয়ে গীত পৰিবেশন কৰি সাহিত্য চ'ৰা অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত প্ৰতিষ্ঠাপক সভাপতি হৰেশ্বৰ পাতৰ, প্ৰতিষ্ঠাপক সম্পাদক টিকেন্দ্ৰ দাস, নিকেতনৰ আচাৰ্য্য- আচাৰ্য্যা, ছাত্ৰ-ছাত্ৰী সকল আৰু সাহিত্য অনুৰাগী ব্যক্তি সকল উপস্থিত থাকে। শেষত জাতীয় সংগীত পৰিবেশনৰে অনুষ্ঠানটিৰ সামৰণি পৰে।


🔲মৰিগাৱঁৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম।

12 views0 comments

Recent Posts

See All

Comentários


bottom of page