গমিৰি গাওঁ পঞ্চায়ত আঞ্চলিক সদস্যাৰ উদণ্ড আচৰণ
- Timeline Asom
- Jun 30, 2020
- 1 min read
গমিৰি গাওঁ পঞ্চায়ত আঞ্চলিক সদস্যাৰ উদণ্ড আচৰণ । নীলকণ্ঠ কীৰ্ত্তন সংঘ নিৰ্মানত বাধা ।।
বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাৰ গমিৰি গাওঁ পঞ্চায়ত আঞ্চলিক সদস্যা দিপালী দেৱীৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ । গমিৰি গাওঁ পঞ্চায়ত অন্তৰ্গত ভাৰতীগুৰিত নীলকণ্ঠ কীৰ্তন সংঘ নামেৰে এক ধৰ্মীয় অনুস্থান নিৰ্মাণৰ বাবে চয়দুৱাৰ উন্নয়নখণ্ডৰ পৰা ১লাখ ৫০ হাজাৰ টকা অনুদান হিচাপে দিয়াৰ পাছত আজি উক্ত স্থানত নীলকণ্ঠ কীৰ্তন সংঘ ধৰ্মীয় অনুস্থানটোৰ নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰিছে গমিৰি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা দিপালী দেৱীয়ে । টাইমলাইন অসমৰ সাংবাদিকক স্থানীয় ৰাইজে জানিব দিয়া মতে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে আঞ্চলিক সদস্যা দিপালী দেৱীয়ে । একাংশ ৰাইজক ক্ষমতাৰ ভাবুকি দি ভয় দেখোওৱাও পৰিলক্ষিত হৈছে । উক্ত কাৰ্যত আঞ্চলিক সদস্যাগৰাকীক স্থানীয় ৰাইজে তীব্ৰ গৰিহনা দিয়াৰ লগতে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে স্থানীয় ৰাইজে ।
বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন
টাইমলাইন অসম ।।
Commentaires