top of page

গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

Writer: Timeline Asom
Timeline Asom
Jul 8, 2020
1 min read

হস্ততাঁত শিপিনী আয় উপাৰ্জনমুখী আঁচনিৰ শুভ উদ্বোধন ৰঞ্জিত দত্তৰ

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্পৰ বিভাগীয় মাননীয় মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই আজি তেওঁৰ নিজা সমষ্টি বাঘমৰাত "হস্ততাঁত শিপিনী আয় উৰ্পাজনমূখী আঁচনি"ৰ শুভ উদ্ধোধন কৰে ।

এই আঁচনিৰ যোগেদি লাভ কৰা তাঁতশালেৰে শিপিনী সকলে কাপোৰ বৈ বিক্ৰী কৰি নিজৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিব পাৰিব আৰু জীৱিকা নিৰ্বাহৰ ইয়ো এক সম্বল হৈ পৰিব । সেই উদ্দেশ্যে আজি অসম চৰকাৰৰ মন্ত্রী গৰাকীয়ে শিপিনীসকলক তাঁতশালৰ লগতে নগদ ৫,০০০ হাজাৰ টকাকৈ প্ৰদান কৰে । এই আঁচনিৰ যোগেদি সমগ্ৰ অসমৰ ৫,৫৮৩ গৰাকী আৰু বিহালী সমষ্টিৰ সৰ্বমুঠ ১৫০ গৰাকী শিপিনী লাভাম্বিত হ'ব ।


বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page