top of page

গোলাঘাট জিলাৰ সুকবি , শিক্ষয়িত্রী দিপালী বৰাৰ পৰলোক

Writer: Timeline Asom
Timeline Asom
Jul 2, 2020
1 min read

গোলাঘাট জিলাৰ এগৰাকী সুকবি , শিক্ষয়িত্রী দিপালী বৰাৰ পৰলোক




সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত গোলাঘাট জিলাৰ " বৃহত্তৰ ঢেকীয়াল কবি সন্মিলন"ৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সদস্য ,পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ অন্যতম সদস্য , শ্রীমন্ত শংকৰদেৱ সমাজৰ মহিলা কোষৰ ৰাজ্যিক সভাপতি ,সাহিত্য শাখাৰ সম্পাদক এগৰাকী বিদূষী মহিলা দিপালী বৰা বাইদেউৱে গোলাঘাট জিলাৰ সাহিত্য সংস্কৃতিৰ বিশাল পথাৰখন উকা কৰি সকলোকে কন্দুৱাই পৰলোকলৈ গমন কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ গোলাঘাট জিলাখনতে শোকৰ ছাঁ পৰে।



তেখেতৰ মৃত্যুত সদৌ অসম কবি সন্মিলনৰ লগতে গোলাঘাট জিলা কবি সন্মিলন, বৃহত্তৰ ঢেকীয়াল কবি সন্মিলনৰ সকলো বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰে । গোলাঘাট জিলা সাহিত্য সভাইও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।


পৰিমিতা গোস্বামীৰ প্ৰতিবেদন

Time line অসম

Comments


OUR PROGRAM
bottom of page