top of page

গা-ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে ঢকুৱাখনাৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীয়ে

Writer: Timeline Asom
Timeline Asom
Jul 17, 2020
1 min read

মৰ্মান্তিক, হৃদয়বিদাৰক


ঢকুৱাখনা থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়াগাঁৱত আজি এক কৰুণ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আজি দিনৰ ১১ মান বজাত হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫ বছৰীয়া ছাত্ৰী দয়াক্ষীণা চমুৱাই দুজন ভায়েকৰ সৈতে ঘৰৰ সন্মুখৰ সাপতীয়া জানত গা-ধুবলৈ গৈছিল। গা-ধুই থাকোতে এজন ভায়েক দ' পানীত ডুবি যোৱাত তেওঁক বচাবলৈ গৈ দয়াক্ষীণা তীব্ৰ সোঁত থকা দ' পানীলৈ যায়। ইফালে, ভায়েক ৰক্ষা পৰে যদিও দয়াক্ষীণা পানীৰ তলত সন্ধানহীন হৈ পৰে। লগে লগে গাঁৱৰ লোকে বিচাৰে যদিও সন্ধান নোলাল দয়াক্ষীণাৰ।অৱশেষত, SDRF কৰ্মীৰ লগতে লখিমপুৰৰ পৰা অহা দুজন ডুবাৰুৱে অহৰহ অভিযান চলাই আবেলি ৩ বাজি ৩৫ মিনিটত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দয়াক্ষীণাৰ নিথৰ-দেহ। পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় কৰ্মী তথা হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দয়াক্ষীণাৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page