top of page

গাঁওৰক্ষী বাহিনীৰ কৰ্মীৰ সুকীয়া প্ৰতিভা

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 7, 2020
  • 1 min read

অসম গাঁওৰক্ষী বাহিনীৰ এগৰাকী নিষ্ঠাবান কৰ্মী অম্বু বড়াৰ আছে এক সুন্দৰ আৰু সুকীয়া প্ৰতিভা।।


মৰিগাঁও জিলাৰ অন্তৰ্গত ভূৰাগাওঁ আৰক্ষী চকীত গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক হিচাপে কৰ্মৰত হৈ থকা অম্বু বড়াৰ আছে এক সুন্দৰ আৰু সুকীয়া প্ৰতিভা । নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ উপৰিও অম্বু বড়াই নৃত্য পৰিৱেশনৰ জৰিয়তে একাধিক মানপত্ৰ আৰু বঁটা পাবলৈ সক্ষম হৈছে। ২০১০চনত মৰিগাঁও জিলাই উদ্ যাপন কৰা গণৰাজ্য দিৱসত নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজৰ লগতে আমন্ত্ৰিত অতিথি সকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। একাধিক বাৰ জিলাৰ শ্ৰেষ্ঠ চক্ৰ সংগঠকৰ সন্মান বুটলিবলৈ সক্ষম হোৱা বড়াক ২০১৮ চনত অসম আৰক্ষীৰ DIG ভাস্কৰ জ্যোতি মহন্তই অন্তিমটো শ্ৰেষ্ঠ জিলা চক্ৰ সংগঠকৰ সন্মান হিচাপে গ'ল্ড মেডেল প্ৰদান কৰিছিল। ইয়াৰোপৰি, অম্বু বড়াৰ কৰ্ম দক্ষতা আৰু প্ৰতিভাৰ বাবে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুণ বৰাই নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰিছিল । জীৱনৰ পঞ্চাশটা বসন্ত অতিক্ৰম কৰা বড়াই গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ এটি সুমধুৰ গীতত পৰিৱেশন কৰা নৃত্যটি আমি টাইমলাইন অসমৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ ।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Comentarios


OUR PROGRAM
bottom of page