top of page

গাঁওবুঢ়াক স্মাৰ্ট ফোন বিতৰণ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 24, 2020
  • 1 min read

ৰাজহ বিভাগৰ উদ্যোগত ঢকুৱাখনাত ১১০জন চৰকাৰী গাঁওবুঢ়াক স্মাৰ্ট ফোন বিতৰণ মন্ত্ৰী নৱ কুমাৰ দলেৰ ।।



ঢকুৱাখনা ৰাজহচক্ৰৰ চক্ৰ-বিষয়াৰ কাৰ্যালয়ত আজি ঢকুৱাখনা ৰাজহ চক্ৰ আৰু সোঁৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন লাটৰ মুঠ ১১০গৰাকী চৰকাৰী লাট গাঁওবুঢ়াক অসম চৰকাৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা স্মাৰ্ট ফোন আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। চৰকাৰী গাঁওবুঢ়াসকলৰ কাৰ্য পৰিচালনাত যথেষ্ট সহায়ক হোৱাকৈ প্ৰদান কৰা এই স্মাৰ্ট ফোন বিতৰণৰ শুভাৰম্ভ কৰে ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই । আজিৰ এই স্মাৰ্টফোন বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই, ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, ঢকুৱাখনাৰ চক্ৰ বিষয়া অপূৰ্ব নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । অন্যহাতে এই অনুষ্ঠানতে সাম্প্ৰতিক 'কভিড-১৯'ৰ জটিল পৰিস্থিতিত মাস্ক প্ৰস্তুত কৰি ৰাইজলৈ সহায় আগবঢ়োৱা ঢকুৱাখনাৰ পাঁ‌চটাকৈ মহিলা আত্মসহায়ক গোটলৈ মাননী আগবঢ়োৱা হয় । লগতে ক'ভিড-১৯ সৃষ্ট সাম্প্ৰতিক পৰিস্থিতিত আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা ঢকুৱাখনাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰূপ-চৰ্চা কৰ্মী আৰু ক্ষৌৰ কৰ্মীসকলক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত উপস্থিত থাকিব নোৱৰাসকলকো আজি নিজাকৈ আৰ্থিক সাহায্য আগবঢ়াই বিধায়ক নৱ কুমাৰ দলেই ।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page