top of page
  • Writer's pictureTimeline Asom

খান্দাজান গাওঁৰক্ষী বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ


মৰিগাঁও সদৰ আৰক্ষী চকীৰ অন্তৰ্গত খান্দাজান গাঁওৰক্ষী বাহিনীৰ উদ্যোগত খান্দাজান মাৰ্কেট এলেকাত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ অংশ হিচাপে সদস্যসকলে হাতে হাতে ঝাৰু লৈ চাফ-চিকুন কাৰ্যসূচী সম্পাদন কৰি মৰিগাঁও সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই দিনৰ ১১বজাত খান্দাজান বজাৰত ব্যৱসায়ীসকলৰ সহযোগত এখন গঠনমূলক সভা অনুষ্ঠিত কৰে। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৰ আৰক্ষী চকীৰ চক্ৰ সংগঠক অম্বু বড়া, অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ, প্ৰবীণ সাংবাদিক তথা সদৰ আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনী পৰিচালনা সমিতিৰ সভাপতি উপেন চন্দ্ৰ ডেকাৰ লগতে টাইমলাইন অসমৰ মৰিগাঁৱৰ সাংবাদিক ভৰত কুমাৰ নাথ । লকডাউনৰ গ‌ইনা লৈ একাংশ দুষ্কৃতিকাৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত সঘনাই চলাই থকা লুট-পাতৰ দৰে একাধিক ঘটনাত দোকানীসকলৰ মাজত দেখা পোৱা গৈছিল এখন অসহায় অৱস্থাৰ ছবি। উদাহৰণ স্বৰূপে ১০জুলাইৰ নিশা সৰিয়হৰ ভঁড়ালৰ লগতে কেইবাখনো দোকানত চুৰিকাৰ্য সংঘটিত হোৱাৰ মূলতঃ দোকানীসকলেই দায়ী বুলি একাংশ ৰাইজে অভিযোগ তুলিছিল । সেয়েহে তেওঁলোকৰ মাজত এখন সমিতি গঠন কৰি দিয়াৰ উদ্দেশ্যে খান্দাজান গাওঁৰক্ষী বাহিনীয়ে এই গঠনমূলক সভাখন অনুষ্ঠিত কৰা বুলি অৱগত কৰে। সভাখনৰ সঞ্চালক ডেকাই কয় যে নৱগঠিত সমিতিখনৰ নামটো অতি কম সময়ৰ ভিতৰতে সদৰ আৰক্ষী চকীত পঞ্জীয়নভুক্তিৰ জৰিয়তে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ নিজেই সুৰক্ষিত ৰখাৰ স্বাৰ্থত প্ৰতিদিনে নিশা দলগত ভাৱে পহৰা দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।সদৰ আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীসমূহৰ চক্ৰ সংগঠক বড়াই কয় যে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা প্ৰতি মুহূৰ্ততে তহল দিয়াটো সম্ভৱ নহয়। ব্যৱসায়ী সন্থাৰ সমিতিখনক স্থানীয় গাঁওৰক্ষী বাহিনীয়ে সহযোগিতা আগবঢ়াব যদিও প্ৰশাসনৰ নিৰ্দেশনাৰ ভিত্তিত কৰ্তব্য পালনৰ দায়বদ্ধতাৰ খাতিৰত মাজে সময়ে আন ঠাইলৈ যাবলগীয়া হ'ব। সেয়েহে নৱগঠিত সমিতিৰ নিয়মানুৱৰ্তীতা সকলো দোকানীয়ে পালন কৰিব লাগিব বুলি আশা ব্যক্ত কৰে।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

11 views0 comments

Comments


bottom of page