top of page

কৰ'না মহামাৰী পৰা মুক্তিৰ বাবে মন্দিৰত নাম-কীৰ্তন।

Writer: Timeline Asom
Timeline Asom
Aug 2, 2020
1 min read

কৰ'না মহামাৰী পৰা মুক্তিৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰত নাম-কীৰ্তন।

সমগ্ৰ বিশ্বত ধ্বংসলীলা চলোৱা কৰ'না মহামাৰীৰ পৰা মানৱজাতি তথা জীৱকূলৰ পৰিত্ৰাণ বিচাৰি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ দুৱাৰমুখত আজি বিয়লি বিশেষ নাম-কীৰ্তন অনুষ্ঠিত হয়। গুৰু শংকৰদেৱৰ সৃষ্ট, প্ৰথম অসমীয়া মঞ্চস্থ হোৱা নাটক চিহ্নযাত্ৰাৰ থলী তথা প্ৰথম অসমীয়া দৌল যাত্ৰা (ফাকুৱা) অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ বাকৰিত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তকে প্ৰমুখ্য কৰি সীমিত সংখ্যক ভকত-বৈষ্ণৱে এই নাম-কীৰ্তনৰ দ্বাৰা নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে।


বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন Time line অসম

Comments


OUR PROGRAM
bottom of page