top of page

কঢ়া নদীৰ বান-গৰাখহনীয়াই টোপনি হৰিছে আখৈফুটীয়া বাসীৰ

Writer's picture: Timeline AsomTimeline Asom

অথলে গ'ল নিম্নমানৰ "বল্ডাৰ প্ৰটেকছন আঁচনি" ।


বিগত ৫/৬ বছৰৰ দৰে এই বাৰিষাৰ সময়তো কঢ়া নদীৰ বান, গৰাখহনীয়াই ঢকুৱাখনা সমষ্টিৰ আখৈফুটীয়া গাঁৱৰ

ৰাইজৰ ঘুমতি কাঢ়ি নিছে।

বৰ্তমানো দিনে-নিশাই চলিছে কঢ়া নদীৰ ভয়াবহ গৰাখহনীয়া। এই খহনীয়াত জাহ গৈছে বহু লোকৰ

কলবাৰী, বাঁহবাৰীকে ধৰি থকা ঘৰৰ ভেটি আৰু খেতিৰ মাটি।

চৰকাৰৰ প্ৰশাসনে যোৱা বছৰ আখৈফুটীয়াত খহনীয়া প্ৰতিৰোধৰ বাবে এখন বল্ডাৰ প্ৰটেকছন আঁচনি ৰূপায়ণ কৰিছিল যদিও ঠিকাদাৰে কাম সঠিকভাৱে নকৰি নিম্ন মানৰ কৰাৰ ফলত এতিয়া সকলো ফুটুকাৰ ফেন হ'ল।

খহনীয়াত প্ৰতি মূহুৰ্ততে চপৰা-চপৰে খহিছে খেতিৰ মাটি, কলবাৰী, বাঁহনী, কাঠনি আদি। সময় থাকোতেই খহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ আখৈফুটীয়া গাঁওখনেই নি:শেষ কৰিব কঢ়া নদীৰ বান-গৰাখহনীয়াই।

ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম #flood in assam

Comments


OUR PROGRAM
bottom of page