top of page
  • Writer's pictureTimeline Asom

কভিড ১৯ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ চিপিআই(এম-এল)ৰ ৰাজ্যিক সমিতিৰ সংবাদমেল

অসমত

হৈছে । চিপিআই(এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সংবাদ মেল


চিপিআই(এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে সমিতিৰ বিশ্বনাথ জিলা কাৰ্যালয়ত আজি এক সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্য খনত কভিড-১৯ চিকিৎসাত চৰকাৰৰ ব্যৰ্থতা সমূহ উদঙাই দিয়ে। চিপিআই(এম-এল) কেন্দ্ৰীয় সদস্য বিবেক দাসে সংবাদ মেল সম্বোধন কৰি , কভিড ১৯ আক্ৰান্তৰ সংখ্যা ব্যাপক ভাবে বৃদ্ধি পাইছে আৰু ই গণ সংক্ৰমনৰ ৰূপ ধাৰণ কৰিছে। এনে এক পৰিস্থিতিত অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বিচনাৰ অভাৱত পুনৰ লকডাউন দিয়া বুলি কৰা ঘোষণা উদ্বেগজনক বুলি কয় ।

কভিড ১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুৰদৰ্শী পৰিকল্পনা, চিকিৎসা আন্তঃগাঁঠনি আদি অতি জৰুৰী কিন্তু অসম চৰকাৰৰ পৰিকল্পনাহীনতাই এতিয়া অৰাজক ৰূপ লৈছে। আনকি সংসদীয় ব্যবস্থাসমূহো যথা- কেবিনেট সমিতিৰ বৈঠক আদি নাকচ কৰা হৈছে । শেহতীয়াকৈ গুৱাহাটীত ১৪ দিনৰ বাবে হোৱা লকডাউনৰ বিষয়ে খোদ যোগান মন্ত্ৰীয়ে পিছতহে গম পাইছে। পৰিকল্পনাহীনতাৰ বাবেই বহিঃৰাজ্যত কাম কৰা শ্ৰমিক সকল অবৰ্ণনীয় কষ্টৰ সম্মুখীন হ'ব লগীয়াত পৰিল। দুদিনত হাজাৰ হাজাৰ লোক সমবেত হ'বলৈ দি ১৪ দিনৰ লকডাউনে কভিড সংক্ৰমণ হ্ৰাস কৰিব বুলি কেনেকৈ ভাবিব পাৰি বুলি সংবাদ মেলত দাসে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে। এই পৰিকল্পনাহীন লকডাউনৰ ফলত মূল্যবৃদ্ধি আৰু মানুহৰ যাতনা নিয়ন্ত্ৰণহীন হৈ পৰিছে।

কভিড ১৯ ৰ লগত যুঁজ দিয়াৰ প্ৰথম কথাটোৱেই হৈছে চিকিৎসা আন্তঃগাঁঠনি। কিন্তু অসমত চিকিৎসা আন্তঃগাঁঠনি অতি বেয়া বুলি তথ্য সংখ্যা ভাৰত‌আৰু কেৰেলাৰ সৈতে তুলনা ডাঙি ধৰি তেখেতে উল্লেখ কৰে যে, সমগ্ৰ ভাৰতবৰ্ষত হস্পিটেল বিচনাৰ সংখ্যা ৭১৫০০০ খন। অৰ্থাৎ প্ৰতি ১০০০জন লোকৰ বিপৰীতে ০.৫৫খন। অৰ্থাৎ ১০০০ লোকৰ বিপৰীতে এখনো বিচনা নহয়। আকৌ দেশৰ তিনিখন ৰাজ্যৰ বিচনাৰ সংখ্যা ভাৰতীয় গড় সংখ্যাতকৈও কম। তাৰ ভিতৰত অসমো এখন। এই হিচাপত অসমত বিচনাৰ সংখ্যা ১৫০০০খনো নহব। অথচ কেৰালাই যোৱা ৪ মাহতে বিচনাৰ সংখ্যা এক লাখলৈ বৃদ্ধি কৰিছে আৰু জৰুৰীকালীন সময়ত ইয়াক দুই লাখ কৰাৰ ব্যৱস্থা মজুত ৰাখিছে। সেইদৰে ভাৰতবৰ্ষত আই চি ইউ বিচনাৰ সংখ্যা ৯৫০০০। অসমত ১০৫৭ খন আৰু কেৰালাত ৪৯০০ খন। একেদৰে ভেন্টিলেটৰৰ সংখ্যা ভাৰতবৰ্ষত ৪৭০০০খন। অসমত ৪২৯ আৰু কেৰালাত ২৪০০। অৰ্থাৎ লকডাউনৰ আগৰ পৰাই অসমৰ চিকিৎসা আন্তঃগাঁঠনি তেনেই দুৰ্বল আৰু সেয়ে কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বল চিকিৎসা আন্তঃগাঁঠনিৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে।

২০০৬ চনৰ পৰা দক্ষ বুলি বহুল প্ৰচাৰিত এজন লোক স্বাস্থ্য মন্ত্ৰী থকাৰ পাছতো অসমৰ চিকিৎসা আন্তঃগাঁঠনি ইমান কিয় দুৰবস্থা বুলিও সংবাদ মেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। লকডাউন ঘোষণা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ২৯ মাৰ্চত ঘোষণা কৰিছিল যে তিনি শ বিচনাযুক্ত আৰু আই চি ইউ সুবিধা সহ ৫খন পুৰ্ব নিৰ্মিত চিকিৎসালয় স্থাপন কৰা হব আৰু দুমাহৰ ভিতৰত সম্পূৰ্ণ হব।তেওঁ কৈছিল যে একোখন চিকিৎসালয়ত খৰচ হব চল্লিশ পঞ্চাশ কোটি। কিন্তু এতিয়া তিনি মাহ পাৰ হোৱাৰ পাছতো এই ঘোষণা কাৰ্যকৰী হোৱা নাই।

সংবাদ মেলত চিপিআই(এম-এল)ৰ চৰকাৰৰ কাৰ্যকলাপ সম্পৰ্কে স্থিতি স্পষ্ট কৰি কয় যে, ৩০০ লাখ মানুহৰ মাজত ১৫০০০ হাজাৰ বিচনা আৰু ১০০০ হাজাৰ আই চি ইউ বিচনা লৈ চৰকাৰে কভিড-১৯ ৰ সৈতে কেনেকৈ মোকাবিলা কৰিবলৈ বিচাৰিছে। অসম চৰকাৰৰ মন্ত্রী কেইজনে এইখিনি সময়ত হেলিকেপ্তাৰত উঠি খৰচ কৰা টকাৰে যদি বিচনাকে কিনিলেহেতেন তেন্তে অসমৰ ৰাইজ উপকৃত হ'লহেতেন। লগতে অসমৰ ৰাইজে দান বৰঙনি দিয়া প্ৰায় ১৩০ কোটি টকাৰ ৩ খন পূৰ্ব নিৰ্মিত চিকিৎসালয় প্ৰতিষ্ঠা হ'লহেতেন। কোৱাৰেন্টাইন কেন্দ্রত আৰু কভিড-১৯ ধৰাৰ পিছত যিবোৰ ঘটনা হোৱা বুলি বাতৰি কাকতত প্ৰকাশ হৈ আছে সেই ঘটনাবোৰে দেখুওৱাইছে যে স্বাস্থ্য পৰিচালনাত অৰাজকতা বিৰাজ কৰিছে। মূল্য বৃদ্ধিৰ ক্ষেত্রতো চৰম অৰাজকতা চলিছে।

এইখন চৰকাৰৰ শাসনত কভিড-১৯, মূল্যবৃদ্ধি, জনসাধাৰনৰ দুৰ্যোগ বানপানী আৰু বানপানীত মৃত্যু সকলোৰে অপ্ৰতিৰোধ্য গতি। এই ব্যৰ্থতা ঢাকিবৰ বাবেই চৰকাৰখন চৰম দমনকাৰী হৈ পৰিছে আৰু ৰাইজ তথা বিৰোধী পক্ষক দমন কৰাটোৱেই লক্ষ্য হৈ পৰিছে। লকডাউন ব্যবহাৰ কৰি বিজেপিয়ে এতিয়া প্ৰতিপক্ষ নোহোৱাকৈ নিৰ্বাচনত জয়লাভ কৰাৰ পৰিকল্পনা কৰিছে।

যেতিয়া কভিড নিয়ন্ত্ৰণহীন, মূল্য বৃদ্ধি নিয়ন্ত্ৰণহীন, বানপানী নিয়ন্ত্ৰণহীন,বৰ্হি:ৰাজ্যত কাম কৰা শ্ৰমিক কৰ্মহীন, প্ৰসাশনত অৰাজকতা আৰু বিৰোধী নেতাক জেলত বন্দী, তেতিয়া বিজেপি য়ে ১০০+ আৰু বিজেপি+ অভিযান চলোৱা কাৰ্য দুৰ্ভাগ্যজনক।

চি,পি,আই(এম-এল) অসম ৰাজ্যিক সমিতিয়ে বিজেপি চৰকাৰৰ এই শোচনীয় ব্যৰ্থতা সমূহ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে জুলাই মাহৰ পৰা বিজেপিৰ এই মিথ্যাচাৰ উদঙাই দিয়াৰ এক অভিযান চলোৱা কথা ঘোষণা কৰে। সংবাদ মেলত

চি,পি আই(এম-এল)ৰ ৰাজ্যিক সদস্য অনন্ত হাজৰিকায়ো অংশগ্ৰহণ কৰে।


বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

11 views0 comments

Comments


bottom of page