top of page

ক'ৰবাত যদি প্ৰতিবাদ ক'ৰবাত নাম-প্ৰসংগ, পুথি পাঠ

Writer: Timeline AsomTimeline Asom

ক'ৰবাত যদি প্ৰতিবাদ ক'ৰবাত নাম-প্ৰসংগ, পুথি পাঠ। উদ্দেশ্য কেৱল অখিল গগৈৰ মুক্তি।


বিগত সপ্তাহত এজনৰ পিছত এজন "কা" বিৰোধী আন্দোলনকাৰীয়ে প্ৰায় ছয়/সাত মাহ কাৰাৰূদ্ধ হৈ থকাৰ পিছত মুক্তি লাভ কৰিছে। ক্ৰমে মানস কোঁৱৰ, বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰে মুক্তি পাবলৈ সক্ষম হ'ল। বৰ্তমান অখিল গগৈ কাৰাৰূদ্ধ । অখিল গগৈৰ ওপৰত এটাৰ পিছত আন এটা গোচৰ ৰুজু কৰা হৈ আছে। অখিল গগৈৰ লগতে দেৱাগংনা কলিতা আৰু বহুতো কাৰাৰুদ্ধ "কা" বিৰোধী আন্দোলনকাৰীক মুক্তিৰ দাবীত চছিয়েল মিডিয়া, ৰাজপথ উত্তাল হৈ আছে। ক্ৰমে আকৌ "কা" বিৰোধী আন্দোলনখনে তীব্ৰ ৰূপ লোৱাৰ অৱকাশ ঘটিছে। মঙলবাৰে দৰং জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাখনৰ ঐতিহ্যমণ্ডিত দেওমৰনৈৰ শিয়ালা মন্দিৰ প্ৰাঙ্গণত অখিল গগৈ তথা মাতৃ পিৰদা গগৈৰ আৰোগ্য কামনাৰ লগতে অখিল গগৈৰ মুুক্তিৰ বাবে চৰকাৰৰ সুমতি ঘুৰি অহাৰ আশাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অঞ্চলবাসীয়ে সমূহীয়া ভাগৱত পাঠ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শচীন শৰ্মা, নবিৰুদ্দিন আহমেদ, সম্পাদক দেবেন ডেকা, কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ সদস্য ৰূপজ্যোতি ডেকাৰ লগতে কৃষক মুক্তিৰ সদস্যসকল ।


মঙলদৈৰ পৰা মৃদুল বড়াৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page