top of page

কুৰুৱাবাহী নগঞা গাঁৱৰ বিশেষভাৱে সক্ষম এটি শিশু

Writer: Timeline Asom
Timeline Asom
Jul 28, 2020
1 min read

কুৰুৱাবাহী নগঞা গাঁৱৰ বিশেষভাৱে সক্ষম এটি শিশু ।। পোৱা নাই বিশেষ চৰকাৰী সা-সুবিধা।

বোকাখাতৰ কুৰুৱাবাহী নগঞা গাঁৱৰ এটি বিশেষভাৱে সক্ষম কণ্যা শিশু। দৰিদ্ৰ পিতৃ-মাতৃয়ে পোৱা নাই পৰ্যাপ্ত সা-সুবিধা।


বিশেষ ভাৱে সক্ষম এটি কণ্যাশিশু চিমা দাস। বয়স ৮ বছৰ। দিন-হাজিৰা কৰা দৰিদ্ৰ পিতৃ বিজু দাস আৰু মাতৃ পূৰ্ণিমা দাসৰ বাবে বৰ্তমান নিজৰেই কণ্যাশিশুটিৰ প্ৰতিপালনত অাহি পৰিছে চৰম বাধা।

যিসময়ত ইটোৰ পিছত সিটো লকডাউনে দৈনিক হাজিৰা কৰা লোকসকলৰ জীৱন ধাৰণক বাধাগ্ৰস্থ কৰিছে, বিশেষ ভাৱে সক্ষম এই শিশুটিৰ প্ৰতিপালনত কি অৱস্থাৰ সৃষ্টি হ'ব পাৰে এয়া সহজেই অনুমেয়।


ইফালে বহু কষ্টৰে ধনৰ যোগাৰ কৰি দৰিদ্ৰ পিতৃ-মাতৃয়ে শিশুটিৰ চিকিৎসা ব্যৱস্থা কৰিছে যদিও বৰ্তমানলৈকে হোৱা নাই ফলপ্ৰসু চিকিৎসা, আনহাতে দুটামান বে-চৰকাৰী সংস্থাই আৰ্থিক সাহাৰ্য আগবঢ়াইছে যদিও শাসনাধিষ্ঠ চৰকাৰখনৰ "সমাজ কল্যান বিভাগ"টোৰ পৰা লাভ কৰা নাই কোনো সাহাৰ্য । উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই সমষ্টিটোৰ উন্নয়নতে অধিক সময় ব্যয় কৰা বুলি কোৱাৰ সময়ত যোৱা চাৰিটা বছৰে এনে বিশেষভাৱে সক্ষম লোকসকলৰ খবৰ লোৱাটো দুৰৰে কথা, সমষ্টিটোৰ অধিকাংশ গাঁৱলৈকে গৈ নাপালে বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ।


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন

Comments


OUR PROGRAM
bottom of page