top of page

কুৰুৱাবাহীত অঘটন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

। পুনৰাই বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত উটি যোৱাৰ সন্দেহ কনমাণি শিশুৰ।


◾ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পুনৰাই বৃদ্ধি পোৱাৰ সময়তে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ২য় পৰঙনীয়াৰ গাঁৱৰ চনমান চুব্বাৰ কণ্যা প্ৰথম শ্ৰেণীৰ ছাত্ৰী সঞ্জিতা চুব্বা (বয়স-৭বছৰ) নামৰ এটি কণ্যাশিশুৰ শোকাবহ ভাৱে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত মঙলবাৰে বিয়লি সলিল সমাধি ঘটাৰ সন্দেহ কৰিছে গাঁওবাসীয়ে।


স্থানীয় লোকে জানিবলৈ দিয়া মতে ২য় পৰঙনীয়াৰ যোগনীয়াকে ধৰি বহুকেইখন গাঁও পুনৰাই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰাৰ সময়তে ঘটনাটি সংঘটিত হয়।


উল্লেখযোগ্য যে ২য় পৰঙনীয়াৰ বাসগৃহসমুহ ইতিমধ্যেই প্লাৱিত হৈ পৰাত পৰিয়ালৰ লোকসকলে নিজৰ যাৱতীয় বয়-বস্তুসমুহ নিৰাপদ স্থানলৈ কঢ়িয়াই কৰি থকাৰ সময়তে সলিল সমাধি ঘটা বুলি সন্দেহ কৰা কণ্যাশিশু সঞ্জিতা চুব্বাৰ পিতৃ চনমান চুব্বা তথা পৰিয়ালৰ আন লোক সকলো ব্যস্ত আছিল বানপানীৰ পৰা নিৰাপদ স্থানলৈ বয়বস্তু কঢ়িয়াই থকা কামত। তেনে সময়তে ঘটনাটো সংঘটিত হয়।


ইপিনে সলিল সমাধি ঘটা বুলি সন্দেহ কৰা সঞ্জিতা চুব্বাই পৰিধান কৰি থকা পোচাক পানীৰ কাষতে পৰি থকা দেখা পাই গাঁওখনত হুৱাদুৱা লাগে আৰু গাঁওবাসীৰ যোগাযোগৰ ভিত্তিত ততাতয়াকৈ উপস্থিত হোৱা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী(SDRF)য়ে মঙলবাৰে সন্ধিয়ালৈকে উদ্ধাৰ অভিযান চলাই যদিও এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে শিশুটিৰ সন্ধান ওলোৱা নাই◾


বোকাখাতৰ পৰা

পল্লৱ হাজৰিকাৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page