বাঘজান কাণ্ডৰ ক্ষতিপূৰণ প্ৰসংগত অইলে ভংগ কৰিছে কৰ্পৰেট আইনঃ চি.এচ.আৰ. ফাণ্ডৰ ধন ক্ষতিপূৰণৰ নামত হস্তান্তৰ।
![](https://static.wixstatic.com/media/f16afa_886131b6af5a48f6938b9df2dd76f5ea~mv2.jpg/v1/fill/w_980,h_369,al_c,q_85,usm_0.66_1.00_0.01,enc_auto/f16afa_886131b6af5a48f6938b9df2dd76f5ea~mv2.jpg)
বাঘজান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমুহে যাতে সঠিক পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰে সেই বিষয়টোত গুৰুত্ব প্ৰদান কৰি সমাজকৰ্মী সোনেশ্বৰ নৰহ, পৰিৱেশকৰ্মী মহম্মদ আফৰিন ৰহমান আৰু সমুদ্ৰজিত গোহাঁয়ে "ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ"ত অইল ইণ্ডিয়া আৰু ইয়াৰ লগত জড়িত আন পক্ষবোৰৰ বিৰুদ্ধে শেহতীয়াকৈ এক গোচৰ ৰুজু কৰিছিল৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ অইলে ক্ষতিগ্ৰস্ত মুঠ এঘাৰটা পৰিয়ালক দুই কোটি বিশ লাখ টকাৰ সাহায্য চি.এছ. আৰ. ফাণ্ডৰ পৰা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ৷
সেই উদ্দেশ্যে তিনিচুকীয়া জিলা উপায়ুক্তৰ স্বাক্ষৰযুক্ত এখন জাননী বিগত সোতৰ জুলাইত জাৰি কৰা হৈছিল। উক্ত জাননীত প্ৰতিটো পৰিয়ালক দিবলগীয়া ক্ষতিপূৰণ অইলৰ চি.এছ. আৰ. ফাণ্ডত জমা থকা একাউণ্টৰ পৰা ভুক্তভোগীৰ একাউণ্টত জমা হ’ব বুলিও নিৰ্দিষ্টকৈ উল্লেখ থকা বিষয়টোৱে সকলোৰে চকু কপালত তুলিছে ৷
![](https://static.wixstatic.com/media/f16afa_f4783cf85bd24c11a76decc3576fd1f7~mv2.jpg/v1/fill/w_980,h_554,al_c,q_85,usm_0.66_1.00_0.01,enc_auto/f16afa_f4783cf85bd24c11a76decc3576fd1f7~mv2.jpg)
সেয়েহে কোনো কোম্পানীয়ে চি.এছ.আৰ. ফাণ্ডৰ ধন ক্ষতিপূৰণৰ বাবদ ব্যৱহাৰ কৰাটো যে নীতিবিৰুদ্ধ সেই বিষয়টো সম্পৰ্কে সমাজকৰ্মীকেইজনে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তেওঁলোকৰ অভিযোগ অনুসৰি এই ক্ষেত্ৰত "কৰ্পৰেট এক্ট" সম্পূৰ্ণভাৱে উলংঘা কৰা হৈছে।
এই প্ৰতিক্ৰিয়া বিভিন্ন সংবাদমাধ্যম যোগে সম্প্ৰচাৰিত হোৱাত অইল ইণ্ডিয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিৱ হাজৰিকাই বিষয়টো সম্পৰ্কত স্পষ্টীকৰণ আগবঢ়াই কয় যে ক্ষতিপূৰণৰ বাবদ আগবঢ়োৱা ধনৰাশি প্ৰকৃততে অপাৰেচনৰ বাবদ জমা পুঁজি আৰু সেই পুঁজি কোম্পানীৰ চি.এছ.আৰ. ফাণ্ড জমা থকা একাউণ্টত ৰখা হৈছিল।
উল্লেখযোগ্য যে, কোম্পানীৰ নিয়ম অনুসৰি চি.এছ.আৰ. ফাণ্ডৰ ধন উন্নয়নমূলক কামৰ বাহিৰে আন কোনো ক্ষতিপূৰণৰ বাবদ ব্যৱহাৰ কৰিব নোৱাৰি আৰু অইল ইণ্ডিয়াও যিহেতু এক কোম্পানী, গতিকে তেওঁলোকৰ ক্ষেত্ৰতো একে নিয়মেই প্ৰযোজ্য হ’ব । কিন্তু অইল কৰ্তৃপক্ষই কেনেদৰে চি.এছ.আৰ. ফাণ্ডৰ ধন ব্যয় আৰু জমাৰ হিচাপ বিত্তীয়বৰ্ষৰ আয়-ব্যয়ৰ হিচাপৰ লগত সনাপোটোকা কৰিব?
সেয়েহে সমাজ-পৰিবেশকৰ্মীকেইজনে অইল কৰ্তৃপক্ষৰ তৰফৰ পৰা দায়সৰা মন্তব্যৰে আভুৱা ভৰাৰ সলনি গ্ৰহণযোগ্য এক স্পষ্টীকৰণ দাবী কৰাৰ লগতে কেৱল ১১টা পৰিয়ালেই নহয় সমগ্ৰ ক্ষতিগ্ৰস্ত স্থানীয় ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু ক্ষতিপূৰণৰ নামত বিভাজনৰ কূটকৌশল অৱলম্বন নকৰিবলৈও দাবী কৰিছে। অন্যথা জনতাৰ সপক্ষে আৰু অইলৰ দূৰ্নীতিৰ বিৰুদ্ধে ন্যায়ালয়ৰ ওচৰত পুনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগেদি সোনেশ্বৰ নৰহ, সমূদ্ৰজিৎ গোহাঁই আৰু আফ্ৰিন ৰহমানে জানিবলৈ দিছে।
- বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম ।।
Comentários