top of page

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 7, 2020
  • 1 min read

ধিং ৰাজহ চক্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৭ ঘণ্টীয়া অনশন


নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত চৰকাৰৰ নতুন উদ্যোগ-নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত অনশনত বহিল কৃষক মুক্তি সংগ্ৰামৰ সমিতিৰ নগাওঁ জিলা সমিতি।

উল্লেখযোগ্য যে অসম চৰকাৰে যোৱা ২৯ জুন তাৰিখে কেবিনেট বৈঠকত গ্রহণ কৰা অসম ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ সম্পৰ্কীয় অধ্যাদেশ ২০২০ৰ যোগেদি অসম উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্রত কিছু নতুন নীতি-নিয়ম বলবৎ কৰিছিল আৰু আজি তাৰেই প্রতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অধ্যাদেশ বাতিলৰ দাবীত ৭ ঘণ্টীয়া অনশনত বহে আৰু ধিং ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্রও প্ৰেৰণ কৰে।।


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page