top of page

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ অৰ্ধ উলংগ প্ৰতিবাদ

Writer's picture: Timeline AsomTimeline Asom

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ অৰ্ধ উলংগ প্ৰতিবাদ ।।



কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা CAA আন্দোলনৰ অন্যতম নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁও সদৰত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক দেৱজিৎ পাতৰৰ নেতৃত্বত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় বিশ জনমান সদস্য‌ই অৰ্ধ‌ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে অখিল গগৈৰ ফটো সম্বলিত ফেষ্টুন লৈ-- অসম চৰকাৰ হায় হায়, অখিল গগৈ জিন্দাবাদ, ল'ৰা ৰজাৰ শাসন বন্ধ কৰক, কা আমি নামানোঁ, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, বিজেপি গ' বেক আদি শ্ল'গানেৰে মৰিগাঁও চহৰখনৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ বাবে চহৰখনত কিছু সময় যান-জঁটৰ সৃষ্টি হয় যদিও মৰিগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শ‌ইকীয়াই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । অৱশেষত আন্দোলনকাৰীসকলক আইনৰ দোহাই দি গ্ৰেপ্তাৰ কৰি নিবলৈ যো-জা কৰাৰ লগে লগেই প্ৰতিবাদকাৰীসকলে যাবলৈ অমান্তি হয় আৰু পুনৰ শ্ল'গান ড়দিবলৈ ধৰাৰ লগতে অসম চৰকাৰক আৰু জিলা প্ৰশাসনক হুমকি দি কয়-- যদি কৃষক নেতা অখিল গগৈৰ লগতে কাৰাগাৰত বন্দী হৈ থকা প্ৰতিজন CAA আন্দোলনকাৰীক অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে তেনেহ'লে পুনৰ উলংগ প্ৰতিবাদৰ দৰে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।

অৱশেষত মৰিগাঁও ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু প্ৰতিবাদকাৰী দলটিক ওভতাই পঠিয়াবলৈ সক্ষম হয়।


মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

6 views0 comments

Recent Posts

See All

Comentários


bottom of page