top of page

কৃষিমন্ত্ৰী অতুল বৰাৰ নিজা সমষ্টিৰ উন্নয়নৰ নমুনা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 18, 2020
  • 1 min read

কৃষিমন্ত্ৰী অতুল বৰাই নিজা সমষ্টিৰ উন্নয়নৰ ন‍ামত ঢাক-ঢোল বজ‍াই থকাৰ সময়তে দুসু্ঁতিমুখ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ গাঁওবাসীয়ে প্ৰকৃততে দেখিছেনে উন্নয়নৰ মুখ?

ইফালে বছৰটোত পাৰ হৈ যোৱা দুটাকৈ প্ৰলয়ংকাৰী বানপানীৰ সময়ত বিজুলীচুক-তিনিঘৰীয়া-চেলেক লাকলঙীয়া, বিজুলীচুক-বৰচাপৰি-দুসুঁতিমুখ, বিজুলীচুক-মেদকগাঁও, জোলোঙাভেটি, মিচিমিআতি, বিজুলীচুক-নাৰমাৰি, মৰঙীয়াল সংযোগী পথকেইটাত দীৰ্ঘদীন ধৰি পৰা নাই এটাও শিলগুটি । ফলত জীয়াতু ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে। অৱশ্যে, কিছুবছৰৰ আগতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত পথকেইটাৰ আংশিক নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান তথৈবচ অৱস্থা।

আনহাতে, চলিত বৰ্ষৰ বানপ‍ানীৰ সময়ত শাসনাধিষ্ঠ চৰকাৰখনৰ স্বাস্থ্যকৰ্মীসকলেও পথকেইটাৰ দুৰৱস্থাৰ বাবে চিকিৎসাকৰ্মত ভুগিবলগীয়া হৈছে অসুবিধা। ইয়াৰ উপৰিও কম্বলৰ জোলোঙাত সাঙী কৰিহে চিকিৎসালয়লৈ নিবলগীয়া হৈছে গৰ্ভৱতী মহিলা।

উল্লেখযোগ্য যে, গাঁৱে গাঁৱে বানপানীৰ সাহায্য বিতৰণৰ ক্ষেত্ৰতো গাঁওবাসীয়ে প্ৰকাশ কৰিছে চৰম অসন্তুষ্টি।

গতিকে স্বাভাৱিকতেই প্ৰশ্ন উঠিছে-- যোৱা চাৰিটা বছৰে বিজেপি-এজিপি মিত্ৰজোঁট চৰকাৰখনে প্ৰায়ে প্ৰচাৰ চলাই থকা উন্নয়নৰ প্ৰকৃত ছবিখন বৃহত্তৰ দুসুঁতিমুখ অঞ্চলৰ ৰাইজে দেখিলেনে?


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page