top of page

ক্ষেত্ৰীৰ দুৰ্ভগীয়া ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা

Writer: Timeline Asom
Timeline Asom
Jul 2, 2020
1 min read

ক্ষেত্ৰীৰ এগৰাকী দুৰ্ভগীয়া ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰত আহি থিয় দিছে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া । মিন্টু ওৰাং নামৰ ক্ষেত্ৰীৰ ২নং সলনাৰ এইগৰাকী যুৱকে সামান্যভাৱে দুৰ্ঘটনাত পতিত হৈ এখন ভৰিত এডোখৰ ঘা হৈছিল , সু-চিকিৎসাৰ অভাৱত পৰৱৰ্তী পৰ্যায়ত এই ঘা-ডোখৰ বহল হৈ যায় আৰু ক্ৰমাৎ ভৰিখন বিকল হৈ পৰে । পিতৃহীন যুৱকজনৰ এই ৰোগাক্ৰান্ত ভৰিৰ মাতৃয়ে চিকিৎসা কৰাত অপাৰগ হোৱাত বিচনাতে প্ৰায় কেইবছৰমান পৰি থকাৰ পাছত সংবাদ মাধ্যমৰ জড়িয়তে এই বাতৰি প্ৰচাৰ হয় আৰু এই ক্ষেত্ৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই যোগাযোগ কৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পাছত বুধবাৰে নিজা তৎপৰতাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে পূৰ্বেই ৰোগাক্ৰান্ত মিন্টু ওৰাঙে এখন ভৰি হেৰুৱাইছিল । ছাত্ৰ সন্থাৰ এই পদক্ষেপক আশাৰ ৰেঙণি দেখিছে যুৱকজনে ।



সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ প্ৰতিবেদন

টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page