top of page

কামপুৰত কৃষকৰ দূৰ্দশা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

কামপুৰৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত। কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পুঠিমাৰি, বুন্দুৰাকে ধৰি বহু গাঁও পানীৰ তলত। কপিলী আৰু বৰপানী নদীৰ বাঢ়নী পানীয়ে সপোন ভাগিলে হাজাৰ হাজাৰ কৃষকৰ। হঠাৎ অহা পানীৰ বাবে বৰোধান কাটিবলৈ সক্ষম ন'হল কৃষক।ফলত পানীৰ তলতেই গজালি মেলিছে ধানে। তিনি/চাৰি দিন ধৰি বানত কঁকবকাই থকাৰ পাছতো প্ৰশাসন অথবা জনপ্ৰতিনিধিয়ে খবৰ লোৱা নাই বানাক্ৰান্ত কৃষক ৰাইজৰ। ফলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কামপুৰৰ পুঠিমাৰী, বুন্দুৰাকে ধৰি বিভিন্ন গাঁৱত। এবুকু পানীত নামি দুৰ্ভগীয়া কৃষকে সাংবাদিকক দেখুৱালে দুৰ্দশাৰ কৰুণ ছবি।


কামপুৰৰ পৰা কুকিল বৰাৰ প্ৰতিবেদন

টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page