top of page

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত পুনৰ সদ্যজাত গঁড় পোৱালী উদ্ধাৰ

Writer: Timeline AsomTimeline Asom

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ তেতেলিগুৰি বনশিৱিৰ এলেকাত দেওবাৰে ৰাতিপুৱা কৰ্মৰত বনকৰ্মীয়ে এটা সদ্যজাত গঁড়-পোৱালী উদ্ধাৰ কৰে ৷মাতৃৰ বুকুৰ পৰা বঞ্চিত গঁড় পোৱালীটোক ঘাঁহনিৰ মাজত অকলে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে বনকৰ্মীসকলে ৷ ইয়াৰ পাছত গঁড় পোৱালীটোৰ মাতৃক প্ৰত্যক্ষ কৰিব নোৱাৰি বনকৰ্মীসকলে ঊৰ্দ্ধতন কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। ঊৰ্দ্ধতন কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক গঁড়ৰ পোৱালীটো উদ্ধাৰৰ বাবে জনোৱাত কেন্দ্ৰৰ পশু চিকিৎসক ডা:পানজিত বসুমতাৰীয়ে উদ্ধাৰকাৰী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ সদ্যজাত গঁড় পোৱালীটো উদ্ধাৰ কৰি কেন্দ্ৰলৈ আনে ৷গঁড় পোৱালীটো মানসিক হেঁচাত আছে যদিও শৰীৰত কোনো আঘাতৰ চিন পোৱা নাই বুলি জনাইছে পশু চিকিৎসক গৰাকীয়ে ৷সম্প্ৰতি কেন্দ্ৰৰ পশু চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে দুদিনীয়া মতা গঁড় পোৱালীটো।ইফালে, তেতেলিগুৰি বনশিৱিৰৰ বনকৰ্মীয়ে মাকজনীৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে, শেহতীয়া বানত বিগত ১৬ জুলাইত  ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ সমীপৰ শুকানি গাঁৱৰ পৰা উদ্ধাৰ কৰি অনা প্ৰায় এমহীয়া মাতৃহাৰা গঁড় পোৱালীটোকে ধৰি বৰ্তমান বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত মুঠ দুটা গঁড় পোৱালী আছে বুলি কেন্দ্ৰৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page