top of page
  • Writer's pictureTimeline Asom

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তর্ভাগলৈ গৈ বানপৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে ।।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্রাণী সংস্থাপন আৰু সংৰক্ষণকেন্দ্র পৰিদৰ্শন কৰি বানৰ কবলৰ পৰা উদ্ধাৰ কৰা বিভিন্ন বন্যপ্রাণীৰ পৰিচৰ্যাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে ।

কাজিৰঙাত অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন ।


মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি উদ্যানখনত শেহতীয়া বানপানীয়ে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ চৰজমিন বুজ লয়। কালি পুৱাৰ ভাগতে মুখ্যমন্ত্রীগৰাকীয়ে কহৰাস্থিত "ৰাইজিং ছান ইংলিছ স্কুল"ত স্থাপন কৰা এটা আশ্রয় শিবিৰ পৰিদর্শন কৰি তাত আশ্রয় গ্রহণ কৰি থকা আৱাসীসকলৰ সৈতে মত-বিনিময় কৰে। এই শিবিৰটোত ৫১টা পৰিয়ালৰ মুঠ ২৫১ গৰাকী সদস্যই আশ্রয় গ্রহণ কৰি আছে। ইয়াৰ পিছতে তেওঁ বৰজুৰিস্থিত বন্যপ্রাণী সংস্থাপন আৰু সংৰক্ষণকেন্দ্র চমুকৈ চি.ডব্লিউ.আৰ.চি.ৰ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চলৰ পৰা বানৰ কবলত পৰা গঁড়, ম'হ, হাতী, বাঘ আদি বিভিন্ন জীৱ-জন্তু উদ্ধাৰ কৰি এই কেন্দ্রত চিকিৎসা আৰু আশ্রয় প্রদান কৰা হৈছে। মুখ্যমন্ত্রীয়ে এই বন্যপ্রাণীসমূহৰ উপযুক্ত তদাৰকী নিশ্চিত কৰাৰ বাবে কেন্দ্ৰটোৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। তেওঁ কেন্দ্ৰটোত থকা বিভিন্ন সা-সুবিধাৰাে বুজ লয়। কেন্দ্ৰটোত আশ্রয় গ্রহণ কৰা এটা গঁড়ৰ পােৱালিক মুখ্যমন্ত্রীয়ে নিজ হাতেৰে দুগ্ধ পান কৰােৱায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম প্রান্তৰ বাগৰিত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়। তেওঁ এন.ডি.আৰ. এফ. আৰু বনবিভাগৰ মটৰ বোটেৰে "মৰাডিফলু নদী"ৰ বুকুৰে ভ্রমণ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বান প্লাবিত এলেকা পৰিদৰ্শন কৰে। বানপানীৰ সময়ত বন্যজন্তুৰ আশ্রয়ৰ বাবে বন বিভাগে নির্মাণ কৰা ওখ টিলাসমূহাে (হাইলেণ্ড) পৰিদৰ্শন কৰি তাত আশ্রয় লৈ থকা বহুসংখ্যক বন্যজন্তু মুখ্যমন্ত্ৰীয়ে প্রত্যক্ষ কৰে। তেওঁ ডিফলু নদীৰ দুয়ােকাষে থকা তথা বানপানীৰ গৰাহত পৰা কেইবাটাও বন-শিবিৰ পৰিদর্শন কৰে। বানৰ গৰাহত পৰা মৰাডিফলু বন-শিবিৰ, মুৰফুলানি বন-শিবিৰ আৰু গৰাকাটি বন-শিবিৰৰ সমীপত উপস্থিত হৈ তেওঁ মটৰবোটৰ পৰাই শিবিৰকেইটাৰ বনকৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলােকৰ সুবিধা-অসুবিধাৰ বুজ লয়। উল্লেখযােগ্য যে মৰাডিফলু নদীৰ বুকুৰে প্ৰায় ডেৰঘণ্টাৰাে অধিক সময় পৰিভ্ৰমণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভয়াবহ বান-পৰিস্থিতিৰ স্বচক্ষে বুজ লােৱাৰ সময়ত মুখ্যমন্ত্রী লগতে জলসম্পদ মন্ত্রী কেশৱ মহন্ত, কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যাপ্রসাদ তাচা, বিধায়ক ঋতুপর্ণ বৰুৱা, বন বিভাগৰ শীর্ষ বিষয়াসকল তথা স্থানীয় সাংবাদিকৰ এটা দল উপস্থিত আছিল। মুখ্যমন্ত্রীয়ে নদীৰ বুকুতেই সাংবাদিকসকলৰ সৈতেও মত-বিনিময় কৰে। সাংবাদিকসকলক সম্বােধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ বন্যপ্রাণী সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ সুফল আজি সকলােৱে প্রত্যক্ষ কৰিছে। ৰাজ্য চৰকাৰৰ প্রচেষ্টাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনৰ নির্দিষ্ট কেতবােৰ স্থানত নির্মাণ কৰা ওখ টিলাসমূহত আশ্রয় গ্রহণ কৰিব পৰাৰ ফলত এইবাৰৰ বানত বহু সংখ্যক বন্যজন্তু নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিছে। এই বানপানীৰ সময়ছােৱাত উদ্যানখনৰ বন্যজন্তু সমূহৰ সুৰক্ষা সুনিশ্চিত কৰাত আগবঢ়ােৱা সহযােগিতাৰ বাবে মুখ্যমন্ত্রীয়ে কাজিৰঙাৰ চৌপাশৰ গঁঞা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। চোৰাং চিকাৰী আৰু উদ্যানখনৰ সুৰক্ষাৰ বাবে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্রীয়ে গােলাঘাট, কার্বি আংলং, নগাঁও, শােণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বন বিভাগ, প্রশাসন আৰু আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে। বানপানীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পাহাৰত আশ্রয় লােৱা গঁড়, পহু, ম'হ আদি বন্যজস্তুসমূহৰ সম্পূর্ণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ আৰু কাৰ্বিআংলং জিলা প্রশাসন তথা আৰক্ষীক নির্দেশ দিয়ে।


তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কঁহৰাত অসম চৰকাৰৰ খাদ্য আৰু সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা "কাজিৰঙা অৰ্কিড উদ্যান"ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰিও অনুষ্ঠানটিত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অশোক ভট্টাচাৰ্য, গোলাঘাট আৰু নগাঁও জিলাৰ উপায়ুক্ত তথা দুয়োখন জিলাৰ বহু উচ্চপদস্থ বিষয়া ৷

অনুষ্ঠানটিৰ আৰম্ভণিতে ভাষণ প্ৰসংগত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে কঁহৰাত স্থাপন কৰিবলৈ লোৱা এই আন্তৰ্জাতিক অৰ্কিড উদ্যানখনে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব৷ অসমত হৈ যোৱা প্ৰথমটো বানত ১৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছিল আৰু সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে ২৭ খন জিলা। এই জিলাসমূহৰ ১০ হাজাৰ গাঁৱৰ ৯.২২ লাখ কৃষক ক্ষতিৰ সন্মুখীন হৈছে। এই কৃষিক্ষেত্ৰসমূহত ধান, মৰাপাট, মাকৈ, শাক-পাচলিৰ খেতি আছিল। খেতি-বাতিৰ ২.৫ লাখ হেক্টৰ মাটি বানত ডুব যোৱাত কৃষকৰ বিস্তৰ ক্ষতি হৈছে। ইফালে বানে মৰা কৃষকৰ শালিধানৰ কঠিয়াৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বানৰ পাছতে ১৯,৫৭০ হেক্টৰ মাটিত শালি খেতি কৰিব পৰাকৈ ১৯৫৭ হেক্টৰ মাটিত ৰঞ্জিত চাব ১ জাতৰ কঠিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। এই কঠিয়াৰ দ্বাৰা ৰাজ্যখনৰ ৫৮,৭১০ গৰাকী কৃষক উপকৃত হ'ব বুলি আশা কৰা হৈছে। ইফালে বাৰিষাৰ পাছতে ৰবিশস্যৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ কথা উল্লেখ কৰি এই আঁচনিৰ ব্যয় ৩৮.৪৩ কোটি টকা নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিবৰ বাবে ইতিমধ্যে ৭৫ কোটি টকা মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে কৃষকৰ কৃষিভিত্তিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰয়ো যথেষ্ট সহায় কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইতিপূৰ্বে ৰাজ্যখনৰ কৃষকলৈ ২৮ হাজাৰখন পাৱাৰটিলাৰ, ২৬খন ৰাজহগাঁৱৰ প্ৰতি গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ বিতৰণ কৰা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে আগন্তুক বৰ্ষত ৰাজ্যখনৰ প্ৰতিখন জিলাত একোটাকৈ মাটি পৰীক্ষাকেন্দ্ৰ প্ৰতিষ্ঠাৰ আঁচনি লোৱা হৈছে। ৯৩ শতাংশ কৃষকক প্ৰদান কৰা হৈছে চইল হেল্প কাৰ্ড। কৃষকক ঋণ প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো বেংকৰ লগত আলোচনা কৰিছে। ইতিমধ্যে ১০.৯৭ লাখ কৃষকক প্ৰদান কৰা হৈছে কে.চি.চি. ঋণ। এটকাৰ বিনিময়ত এক হেক্টৰ মাটিৰ ফচল বীমা যোজনাৰ সজাগতা সৃষ্টি কৰা হৈছে আৰু ১০ লাখ কৃষকক এই বীমাৰে সামৰি লোৱা হ'ব। ৰাজ্যখনৰ কৃষিক্ষেত্ৰত পানী যোগানৰ বাবে ইতিমধ্যে ৪১ হেজাৰ অগভীৰ নলীনাদ বহুওৱা হৈছে। "পি.এম. কিষান আঁচনি"ৰ দ্বাৰা ইতিমধ্যে ৰাজ্যখনৰ কৃষকৰ একাউণ্টত ১.৯২৭০২ কোটি টকা জমা দিয়াৰ কথা উল্লেখ কৰি কয় যে এইক্ষেত্ৰত ভূৱা হিতাধিকাৰীৰ নাম কৰ্তনৰ কামো সমাপ্ত হৈছে। ৰাজ্যখনৰ "ফাৰ্ম প্ৰচিডিঅ'ৰ কোম্পানী" গঠনৰ দ্বাৰা কৃষি, বাণিজ্যক তৰান্বিত কৰা হ'ব। চলিত বৰ্ষত ৩৬৭ কোটি টকাৰ পাচলি ৰাজ্যখনে দেশ-বিদেশলৈ ৰপ্তানি কৰা বুলিও কয় কৃষিমন্ত্ৰী গৰাকীয়ে ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যকে ধৰি বিশিষ্ট অতিথিসকলে কঁহৰাত স্থাপন হ'বলগা অৰ্কিড উদ্যানখনৰ সন্দৰ্ভত বক্তব্য ৰাখে ৷ অনুষ্ঠানটিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কঁহৰাত স্থাপন হ’বলগা আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্কিড পাৰ্কখনৰ প্ৰাথমিক ব্যয় ১৬ কোটি টকা ধাৰ্য কৰা হৈছে ৷ কেৱল পৰ্যটনৰ বাবেই নহয় উদ্যানখন শিক্ষা তথা গৱেষণাৰ বাবেও উৎস হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

"ঈশ্বৰৰ বিনন্দীয়া সৃষ্টিৰ প্ৰথম চৰ্ত নিস্বাৰ্থ প্ৰকৃতিপ্ৰেম" বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমত ৮০০তকৈও বেছি অৰ্কিড থকাৰ কথা উল্লেখ কৰি পৃথিৱীৰ আন্তৰ্জাতিক বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ যুৱচামক স্বাৱলম্বী হ'বলৈ তথা বজাৰ দখল কৰিবলৈ আহ্বান জনায় ৷ জৈৱ-বৈচিত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতে প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰকৃতি সংৰক্ষণৰ বাবে মানুহক স্বাৰ্থপৰ হ'বলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ অসম কৃষিভিত্তিক ৰাজ্য হিচাপে অসমৰ অৰ্থনৈতিক বুনিয়াদ কৃষিৰ জৰিয়তে টনকিয়াল কৰি তুলিবলৈ যুৱচামক কৃষিৰ প্ৰতি সন্মান জনায় এই বৃত্তিক গ্ৰহণ কৰাৰ লগতে সমগ্ৰ বিশ্বতে বজাৰ দখলৰ চেষ্টা চলাবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ১২ মাহে খোলা ৰখাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছে" ৷


মুখ্যমন্ত্রী সোনোৱালে আজি সাম্প্রতিক বানত মৃত্যুক সাৱটি লােৱা বোকাখাত মহকুমাৰ দুগৰাকী ব্যক্তি ক্রমে বাবু খেড়ীয়া আৰু সর্বেশ্বৰ দলেৰ নিকটাত্মীয়ৰ হাতত ৰাজ্য চৰকাৰে প্ৰদান কৰা ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেকো প্রদান কৰে। উল্লেখযােগ্য যে শেহতীয়া বানত বোকাখাত মহকুমাৰ ৬৩ খন গাঁৱৰ প্রায় ৮০,৪০০ গৰাকী লােক ক্ষতিগ্রস্ত হৈছে। এই বানত প্রায় ২১ হাজাৰ জীৱ-জন্তু আক্রান্ত হােবাৰ লগতে ১,৬১৬ হেক্টৰ ভূমিৰ শস্য বিনষ্ট হৈছে। মহকুমাটোত ২১ টা আশ্রয় শিবিৰ আৰু ৯৫ টা সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে। আশ্রয় শিবিৰসমূহত ৪,১২৭ গৰাকী লােকে আশ্রয় গ্রহণ কৰিছে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন.ডি.আৰ.এফ. আৰু এছ.ডি.আৰ.এফ.ৰ তিনিটা দল মােতায়েন কৰা হৈছে আৰু তেওঁলােকে ১৮৬ গৰাকী লােকক বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।


কাজিৰঙাৰ পৰা

পলিমা চেতিয়া বসুমতাৰীৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

5 views0 comments

Comentários


bottom of page