top of page
  • Writer's pictureTimeline Asom

এবছৰ পূৰ্বৰ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটা মহিলাৰ খবৰ ল'বলৈ পথালে স্থানীয় পালি-নেতাকহে।

বোকাখাতৰ কুৰুৱাবাহীত বিধায়ক অতুল বৰা ।

টাইমলাইন অসমৰ বাতৰিৰ প্ৰতিক্ৰিয়া । যোৱাটো বৰ্ষতে অৰ্থাৎ ২০১৯ চনতে কুৰুৱাবাহীত ধনশিৰি নদীৰ বানপানীত সংঘটিত হোৱা এক শোকাবহ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটা এগৰাকী মহিলাৰ পৰিয়ালৰ কাষত এবছৰৰ অন্তত খবৰ লোৱাৰ পৰিবৰ্তে বোকাখাতৰ বিধায়ক অতুল বৰাই পৰিয়ালটোৰ কাষলৈ প্ৰেৰণ কৰিলে স্থানীয় পালি-নেতাকহে।



চন ২০১৯ । বৃহত্তৰ কুৰুৱাবাহী অঞ্চলেদি বৈ যোৱা ধনশিৰি নদীৰ বানপানীত শোকাবহভাৱে সংঘটিত হৈছিল এটি নাও দুৰ্ঘটনাৰ। ধনশিৰি চাপৰিৰ পাম-খেতিৰ পৰা ঘৰলৈ ওভটাৰ পথত সংঘটিত হৈছিল ঘটনাটি। নাওখনত থকা ৫জন ব্যক্তিয়ে সাতুৰি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল যদিও এগৰাকী মহিলা-- নিৰু দাস সন্ধানহীন হৈ পৰে আৰু ১৭ দিনৰ অন্তত গাঁওবাসীয়ে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আনহাতে এবছৰ পূৰ্বতে হৈ যোৱা নাও দুৰ্ঘটনাটোত শোকাবহভাৱে মৃত্যু হোৱা নিৰু দাসৰ পৰিয়ালে বিভিন্ন আবেদন-নিবেদন কৰিও বৰ্তমানলৈকে প্ৰাপ্য চৰকাৰী ক্ষতিপুৰণ পাবলৈ সক্ষম হোৱা নাই।


এই সংবাদ ২৯ জুলাইত টাইমলাইন অসমত সম্প্ৰচাৰিত হোৱাৰ পাছতেই হুৱাদুৱা লাগে বোকাখাত-কুৰুৱাবাহীৰ অগপৰ নেতা-পালি নেতাৰ মাজত।


ফলস্বৰূপে এবছৰ পূৰ্বৰ এই ঘটনাৰ খবৰ ল'বলৈ বিপৰ্যস্ত পৰিয়ালটোৰ ওচৰলৈ শনিবাৰে মাত্ৰ কেইজনমান পালিনেতাহে প্ৰেৰণ কৰিলে কেৱল আধাৰশিলাৰ ৰাজনীতিৰে সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি ২০২১ চনত পুনৰাই গাদী দখলৰ স্বপ্ন দেখা বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই । আনকি কুৰুৱাবাহী অগপৰ এগৰাকী পালি-নেতাক নিয়োগ কৰা হ'ল পৰিয়ালটোক আগতিয়াকৈ খবৰ দিয়াৰ কামত।


স্বাভাৱিকতেই প্ৰশ্ন উঠিছে, এবছৰ হৈ যোৱা এটা ঘটনাৰ খবৰ ল'বলৈ এই সকল পালি-নেতাক নিৰ্দেশ দিবলৈ বিধায়কগৰাকীৰ সময় নোলাল কিয়? অথচ পৰিয়ালটোৰ বাসগৃহৰ পৰা মাত্ৰ এক কিলোমিটাৰ আঁতৰত কুৰুৱাবাহী যুৱক সংঘত এখন দলীয় সভাত শনিবাৰে অংশ লৈছিল অতুল বৰাই।


ইফালে সুবিধাবাদৰ ৰাজনীতিত অভ্যস্ত হৈ পৰা অতুল বৰাই হয়তো নিশ্চিতভাৱে জানিব পাৰিছিল যে, শুকুৰবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ সহযোগত বঞ্চিত পৰিয়ালটোৱে উপায়ন্তৰ হৈ বোকাখাতৰ মহকুমাধিপতিক কৰা সাহাৰ্যৰ পুনৰ আবেদনৰ কথা।


ইফালে কুৰুৱাবাহী যুৱক সংঘ নাট্য মন্দিৰত অগপ দলৰ এখন সভাত অংশগ্ৰহন কৰিবলৈ আহি "অগপ দলটো ৰাইজৰ তেজেৰে গঢ়া দল আৰু আঞ্চলিকতাবাদক ৰক্ষাৰ স্বাৰ্থত গঢ়া দল" বুলি মন্তব্য কৰা বিধায়ক অতুল বৰাই এবছৰ ধৰি এবাৰলৈয়ো ভূমুকি মৰা নাছিল পৰিয়ালটোৰ ওচৰত।


ইফালে বোকাখাত বিধানসভা সমষ্টিৰ অগপৰ জেষ্ঠকৰ্মীৰ ধাৰাবাহিক দলত্যাগে বিধায়ক অতুল বৰাৰ অনাগত নিৰ্বাচনী সমীকৰণত আউল লগোৱাৰ সময়তে এবছৰ আবেদন-নিবেদন কৰিও SDRF ৰ সাহায্য পাবলৈ সক্ষম নোহোৱা দূৰ্ভগীয়া নিৰু দাসৰ পৰিয়ালক বিধায়কগৰাকীয়ে সাক্ষাৎ নকৰি ঘটনা সম্পৰ্কে অৱগত নহয় বুলিহে জানিবলৈ দিয়ে।

- বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ এক বিশেষ প্ৰতিবেদন।


70 views0 comments

Comments


bottom of page