top of page

street pond at Katahguri gaon Panchayat, Meradhwaj

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 10, 2020
  • 1 min read

Updated: Jul 13, 2020


এটা সচল ৰাস্তাৰ মাজমজিয়াত এটা অচল পুখুৰী


বৰ্তমান ৰাজ্যৰ চৌদিশে মহামাৰী ক'ৰনাই ভয়ংকৰ ৰূপ ধাৰণ কৰি থকাৰ সমান্তৰালভাৱে বানৰ সংহাৰী ৰূপে জনসাধাৰনক জুৰুলা কৰি তুলিবলৈ যেন উঠিপৰি লাগিছে । ঠিক সেই সময়তে এখন গাঁৱৰ পথৰ মাজমজিয়াত সৃষ্টি হৈছে এটা অচল পুখুৰী । ৰাইজক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে পথটিয়ে।

নগাঁও জিলাৰ কটহগুৰি গাঁও পঞ্চায়তৰ মৈৰাধ্বজ গাঁও আৰু ৰৌ মাৰী গাঁৱৰ পৰা কটহগুৰি বজাৰলৈ যোৱা একমাত্ৰ সংযোগী পথটিৰ দুখন গাওঁৰ মাজৰ চাৰিআলিত সৃষ্টি হৈছে এটা অচল পুখুৰী। যাক লৈ চকুলো টুকিছে গাওঁৰ মানুহে। পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া পথটিৰ কাম আঞ্চলিক সদস্যই সম্পূৰ্ণ কৰাৰ ৩ মাহ নৌহওঁতেই পথটিৰ মাজ মজিয়াত সৃষ্টি হৈছে এই পুখুৰিটো । এই ৰাস্তাৰে সদায় শ শ মানুহে চলাচল কৰাৰ ওপৰিও অঞ্চলটো মীনপালনৰ লগত জড়িত হোৱাৰ বাবে মৎস্যপালকসকল লোকচানৰ পথত আগবাঢ়ি গৈছে। অঞ্চলবাসীয়ে পঞ্চায়ত সচিবকে ধৰি ৰাজনৈতিক নেতাৰ ওচৰলৈ গৈয়ো কোনো সু-ফল নাপালে। অৱশেষত তেওঁলোকে সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰক অনুৰোধ কৰিছে যাতে অতি সোনকালে পথটিৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ সমস্যা নাইকীয়া কৰি দিবলৈ ।


ধিঙৰ পৰা দ্বীপজ্যোতি কাকতিৰ সহযোগত বৰঙাবাৰীৰ পৰা জুলফিকাৰ আলীৰ প্ৰতিবেদন টাইমলাইন অসম ।। Timeline Assam News

Comments


OUR PROGRAM
bottom of page