top of page

এগৰাকী মুক্তিযোদ্ধা , নাম ৰাধা বুঢ়াগোহাঁই।

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 9, 2020
  • 1 min read

ree

স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণত শ্বহীদসকলক সুঁৱৰি উচুপি উঠিল মুক্তিযোদ্ধা ৰাধা বুঢ়াগোহাঁয়ে।ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি কাৰাবন্দী হোৱা শিৱসাগৰ টেক্সি মঠাদাঙৰ মুক্তিযোদ্ধা ৰাধা বুঢ়াগোহাঁই এতিয়া ৯৯ বছৰীয়া। বঙালৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনৰ কথা মনত পৰিলেই আজিও তেওঁ উত্তেজিত হৈ পৰে। মহাত্মা গান্ধীৰ ভাষণবোৰ এতিয়াও বাজি থাকে তেওঁৰ কাণত। কেতিয়াবা কথাৰ মাজতে তেওঁ চিঞৰি উঠে- মৰিম নহ’লে মাৰিম। দেশৰ হকে প্ৰাণ আহুতি দিয়াসকলক সুঁৱৰি তেওঁ উচুপি উঠে। মুক্তিযোদ্ধা ৰাধা বুঢ়াগোহাঁয়ে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা তাম্ৰপত্ৰ আৰু ৰাজ্যিক পেন্সনো লাভ কৰিছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে সুখেৰে দিন কটাইছে মুক্তিযোদ্ধা ৰাধা বুঢ়াগোহাঁয়ে। টাইমলাইন অসমৰ তৰফৰপৰা এইজনা মুক্তিযোদ্ধালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ।


শিৱসাগৰৰ পৰা

মাধৱ গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Komentarji


OUR PROGRAM
bottom of page