top of page

এখন বাঁহৰ দলং আৰু এজন যুৱকৰ আদৰ্শ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 18, 2020
  • 1 min read

ree

মাজুলীৰ পৰা শাক-পাচলি আৰু গেলামালৰ বস্তু ক্ৰয় কৰি এখন সৰু দোকান দি পৰিয়াল পোহপাল দিয়া গড়মূৰ বালিজান গাঁৱৰ দাদু দাস নামৰ যুৱকজনে ৰাইজৰ সহযোগত নিৰ্মাণ কৰি উলিয়ালে এশ-নব্বৈ মিটাৰ দৈৰ্ঘৰ এখন বাঁহৰ দলং।

মাজুলী জিলাৰ সীমামূৰীয়া লখিমপুৰ জিলাৰ লুইত-খাবলু গাওঁ পঞ্চায়তৰ অন্তৰ্গত গড়মূৰ বালিজান গাঁৱৰ মাজেৰে যোৱা লখিমপুৰৰ পৰা মাজুলী সংযোগী এটা পথৰ বৃহৎ অংশ লোহিত নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় ৩৮খন গাঁৱৰ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছিল। গঁঞা ৰাইজে পথছোৱা মেৰামতিৰ বাবে চৰকাৰক বাৰম্বাৰ আবেদন জনাই অহাৰ পাছতো কোনোধৰণৰ সুফল লাভ নকৰাত গড়মূৰ বালিজান গাঁৱৰ দাদু দাসে নিজৰ বাৰীৰ বাঁহ কাটি আনি নিজেই হাতত দা-কুঠাৰ লৈ কাম আৰম্ভ কৰি ভালেমান অংশ নিৰ্মাণ কৰে। ইয়াৰ পিছতে দাদুৰ এই পদক্ষেপক শলাগ লৈ গাওঁবাসীয়ে সহায়ৰ হাত আগবঢ়োৱাৰ ফলত দলংখন সম্পূৰ্ণ হৈ উঠে । ইফালে,পত্নীৰ নামত বন্ধন বেংকৰ পৰা ঋণ লৈ কোনোমতে পৰিয়াল চলোৱা দাদুৱে এনে মহৎ কাৰ্য কৰিবলৈ আগবাঢ়ি অহাত লুইত-খাবলু অঞ্চলৰ ৰাইজে দাদুক ভূয়সী প্ৰশংসা কৰিছে ।


মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন টাইমলাইন অসম।

コメント


OUR PROGRAM
bottom of page