top of page

এখন উপেক্ষিত ঐতিহাসিক ক্ষেত্ৰ,যাৰ নাম ফুলগুৰি ধেৱা।

Writer: Timeline AsomTimeline Asom

১৮৫৭ চনত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সংঘটিত হৈছিল প্ৰথমটো প্ৰকাশ্য জন-সংগঠিত চিপাহী বিদ্ৰোহ । ইয়াৰ চাৰিবছৰৰ পাছতেই ১৮৬১ চনত ব্ৰিটিছ চৰকাৰৰ অত্যাধিক কৰৰ বোজা সহিব নোৱাৰি মধ্য অসমৰ ফুলগুৰিত সংগঠিত কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল । মণিৰাম দেৱানৰ প্ৰভাৱপুষ্ট আৰু লক্ষণসিং সেনাপতিৰ নেতৃত্বত এই বিদ্ৰোহতেই ব্ৰিটিছে লক্ষণসিং সেনাপতি, ৰংবৰ ডেকা, চাংবৰ লালুং আদিক ফাঁচীকাঠত ওলমাইছিল।বাহু কৈৱৰ্ত, বনমালী কৈৱৰ্ত, ৰূপচিং, চিপচিং, শাকৰ লালুং, হেবেৰা লালুং, কাটীয়া লালুং আৰু নৰচিং লালুঙক কলিয়াপানীত নিৰ্বাসন দিছিল আৰু বাঁহৰ গৰাল সাজি হাজাৰ হাজাৰ নিৰীহ জনতাক ৰ'দে-বৰষুণে, ভোকে-লঘোনে মাৰিছিল ।কালক্ৰমত এই ঠাইৰ নাম ফুলগুৰি ধেৱা নামেৰে জনাজাত হয়। কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়া যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি প্ৰতীকী তোৰণ, ফুলগুৰি বজাৰৰ মাজত থকা ফুলগুৰি ধেৱাৰ এটি স্মাৰক আৰু ফুলগুৰি ধেৱাৰ শ্বহীদ বাহু কৈৱৰ্তৰ নামত থকা এটা সাধাৰণ নাটঘৰৰ লগতে সৰাগাঁওস্থিত শ্বহীদ লক্ষণ চিং সেনাপতি সোঁৱৰণী তোৰণ এখনৰ বাদে এই ঐতিহাসিক ক্ষেত্ৰখনত নাই পৰ্যটকৰ বাবে কোনো আকৰ্ষণীয় উপাদান ।

তদুপৰি ফুলগুৰিৰ পৰা নাতিদূৰৈত দক্ষিণ পেটবঢ়া গাঁও সংলগ্ন জালাহত মানুহপোৰা বিল । ফুলগুৰি ধেৱাৰ দুকুৰিৰো অধিক শ্বহীদক একেলগে কাষ্ঠসংস্কাৰ কৰা এই মানুহপোৰা বিলত নাই কোনো ধেৱাৰ স্মাৰক ।

বুৰঞ্জীবিদ বেণুধৰ কলিতাৰ "ফুলগুৰি ধেৱা", যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ "মহাফেজখানাৰ খিৰিকীয়েদি", ইন্দ্ৰেশ্বৰ গোস্বামীৰ "কেঁচামাটিৰ গোন্ধ", সাৰদাকান্ত বৰদলৈ, কমল সিংহ ডেকা, পংকজ কুমাৰ ৰাজাৰ নাটকৰ উপৰিও নাৰায়ণ কুমাৰ ৰাডুকাকতিৰ তিৱা ৰাজ্যৰ ইতিহাস, যতীন মেধি আৰু মিলেশ্বৰ পাতৰ, দূৰ্গেশ্বৰ বৰকটকী সম্পাদিত গোটাচেৰেক স্মৃতিগ্ৰন্থৰ লগতে শিৱপ্ৰসাদ বৰা, ত্ৰিদীৱ গোস্বামী, ড° দেৱব্ৰত শৰ্মা আৰু কেইগৰাকীমান লেখকৰ বাদে "ফুলগুৰি ধেৱা"ক লৈ আজিকোপতি হোৱা নাই কোনো গৱেষণা । সচেতনমহলৰ মতে, অতদিনে চৰকাৰে ফুলগুৰি ধেৱাৰ থলিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ উদ্যোগ লোৱা হ'লে হাজাৰ হাজাৰ কৃষকৰ তেজেৰে ৰাঙলী এই কৃষক বিদ্ৰোহৰ থলিতেই বহুতো নিৱনুৱাই সংস্থাপনৰ বাট পালেহেঁতেন ।

- ফুলগুৰিৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত ৰূপম নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comentarios


OUR PROGRAM
bottom of page