top of page

এখন অভিশপ্ত পকী দলং

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 1 min read

নগাঁও জিলাৰ ধিং সমষ্টিৰ মৈৰাধ্বজ পঞ্চায়তৰ অকৰাবৰী গাঁৱত অৱস্থিত এটি পকী পথৰ এখন পকী দলং হৈ পৰিছে ৰাইজৰ বাবে অভিশপ্ত দলং । এই অভিশপ্ত দলংখনৰে নিতৌ অহা-যোৱা কৰিবলগীয়া হয় শ শ জনতা ।



দলংখন হৈ পৰিছে সমাজৰ বাবে চকুপানী । প্ৰথমে আপোনালোকে শুনক ৰাইজে দলংখনৰ বিষয়ে কি কয় ।

নগাঁও জিলাৰ এইখনেই হৈছে ধিঙৰ পৰা বেছামাৰি হৈ বৰঙাবাৰী, মিকিৰভেটা, চৰাইবাহী, মৰিগাঁৱলৈ যোৱা এখন গুৰুত্বপূৰ্ণ দলং। এজাক বৰষুনেই কঢ়িয়াই আনে অনিষ্ঠা, পকীপথৰ পৰা পকী দলঙলৈ সংযোগী পথচোৱা হৈ পৰে বোকাময় যেন পাহাৰীয়া ৰাষ্টা। দলংখনে দখল কৰিলে বহু সংবাদ মাধ্যমৰ শিৰোনামা। বহুজনে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে বিধায়ক, গড়কাপ্তানী মন্ত্রীকে ধৰি মুখ্যমন্ত্ৰীলৈ সময়ে সময়ে বহুবাৰ আবেদন পঠাইছিল যদিও সমষ্টিটো এ আই ইউ দি এফৰ দখলত থকাৰ হেতুকে কোনো সু-খৱৰ অহা নাছিল। অৱশেষত আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংযোগী পথচোৱাৰ বাবে ৪,০০,০০০ টকা আবন্টন কৰিলে যদিও ঠিকাদাৰে দলঙৰ দুইপাৰে কেইটেক্টৰমান মাটি পেলাই নিজৰ দায়িত্ব সামৰনি মৰাৰ ফলত পূৰ্বতকৈও সংযোগী পথচোৱাৰ ৰূপটো অতি শোচনীয় হৈ পৰে আৰু ৰাইজৰ প্ৰতি হৈ পৰে দলংখন অভিশপ্ত।



বৰঙাবাৰী পৰা জুলফিকাৰ আলিৰ সহযোগত ধিঙৰ পৰা দীপজ্যোতি কাকতি

টাইমলাইন অসম ।।

Commentaires


OUR PROGRAM
bottom of page