top of page

এক নতুন জাগৰণ সৃষ্টি কৰাৰ মানসেৰে টাইমলাইন অসমৰ এক বিশেষ প্ৰতিবেদন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 12, 2020
  • 1 min read

নিৱনুৱা সমাজ,

আজিৰ প্ৰেক্ষাপটত শিক্ষাৰ ক্ষেত্ৰখনত বিভিন্ন বিষয়ত অসম তথা ভাৰতবৰ্ষৰ যুৱক-যুৱতীসকলৰ শিক্ষিত হাৰ বৃদ্ধি পাইছে । সেই অনুপাতে চৰকাৰৰ অধীনস্থ ভিন্ন বিভাগত বছৰে বছৰে এই যুৱক-যুৱতীসকলক নিয়োগ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি বলিষ্ঠ পদক্ষেপ পালন কৰিব লাগিছিল তেনে কৰা পৰিলক্ষিত হোৱা নাই । চৰকাৰ আহিছে, চৰকাৰ গৈছে , কিন্তু সমস্যা সমস্যাই হৈয়ে ৰৈ গৈছে । গতিকে, শিক্ষিত যুৱক-যুৱতীসকলে নিজকে নিৱনুৱা বুলিয়েই সকলোকে পৰিচয় দি যাব লাগিব নেকি? যদি চৰকাৰে তেওঁলোকৰ  আশা- আকাংক্ষাক সপোনৰ দেশত ৰাখি থ'বলৈ বাধ্য কৰে তেন্তে  এদিন মাৰ্কশ্বিট-চাৰ্টিফিকেটবোৰো মুল্যহীন হৈ পৰিব।



কাকতৰ মাধ্যমেৰে হওক বা ইলেক্ট্ৰনিক মাধ্যমেৰে হওক আমি অৱগত হৈছিলো যে শিক্ষিত যুৱক যুৱতী সকলৰ নিবনুৱা সমস্যাৰ হ্ৰাসৰ নিমিত্তে অসম চৰকাৰে ২০১৮ চনত এডভান্টেজ আছাম নামৰ এটি বিশাল অনুষ্ঠান আয়োজন কৰি কোটি কোটি টকা খৰচ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে। অনুষ্ঠানটি নিশ্চয়কৈ প্ৰশংসনীয় আছিল। কিন্তু আজিৰ সময়ত উদ্দেশ্যবোৰ ধোঁৱা চাঙত পৰি ৰ'ল। ইয়াৰ বিপৰীতে চৰকাৰে যদি ক্ষুদ্ৰ  ক্ষুদ্ৰ  উদ্যোগ স্থাপন কৰি কিঞ্চিত পৰিমাণে যুৱক যুৱতী সকলক সকাহ দিব নোৱাৰিলেহেঁতেন নে?


বৰমূৰীয়াসকললৈ আমাৰ পোনপটীয়া প্ৰশ্ন- অসমৰ যুৱক যুৱতী সকলে আপোনাসৱক ভোটদান কৰা নাই নেকি ? নে তেওঁলোকৰ ভোটৰ কোনো মূল্য নাই । অনুধাৱন কৰক...

আৰু যদি মূল্য  আছে বুলি অনুভৱ হৈছে তেনেহ'লে  দ্বায়িত্ব পালন নকৰি নিজৰ স্বাৰ্থত খোৱা-কামোৰাত ব্যস্ত হৈ পৰিছে কিয়? সভা-সমিতিয়ে কেৱল সোণৰ অসম গঢ়িম বুলি ক'লে জানো হ'ব? সকলোৱে ক'ব খোজে আজিৰ যুৱসমাজ দেশৰ ভৱিষ্যত । শেষত বৰঘৰৰ লোক সকললৈ কাতৰ  আহ্বান, কথাৰে নহয় , কামেৰে সোণৰ  অসমক গঢ়ি আগুৱাই লৈ যোৱাত সহায় কৰক ।

Comments


OUR PROGRAM
bottom of page