উদ্যমী যুৱকৰ নিজা প্ৰচেষ্টাৰে বানাকান্ত্ৰলৈ সাহায্য
- Timeline Asom
- Jul 25, 2020
- 1 min read
শিৱসাগৰৰ এজন উদ্যমী যুৱকৰ নিজা প্ৰচেষ্টাৰে বানাকান্ত্ৰলৈ সাহায্য ।।

বৰ্তমানৰ কৰ'ণা মহামাৰীৰ লগতে বানপানীৰ সময়ত সৰ্বসাধাৰণ ৰাইজ সৰ্বশ্ৰান্ত হোৱাৰ সময়তে শিৱসাগৰ নগৰৰ এগৰাকী উদ্যমী যুৱকে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি প্ৰায় সাত শতাধিক পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ, মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।নয়নজ্যোতি শইকীয়া নামৰ যুৱকজনে লকডাউনৰ আৰম্ভণিৰে পৰা শিৱসাগৰৰ হাঁহচৰাৰ কৰৈবস্তি, দিচাংমুখ, কোঁৱৰপূৰ, মেটেকা, জয়ৰাপাৰ, বেতবাৰী চাংমাই গাওঁ, খাটপথাৰ আদি বহু অঞ্চলত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। নয়নজ্যোতি শইকীয়াৰ এনে মানৱদৰদী কাৰ্যক বিভিন্নজনে প্ৰসংশা কৰিছে।
- শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।।
Comments