top of page

উদ্যমী যুৱ সমাজকৰ্মী বঁটাপ্ৰাপ্ত যাদৱ দাসৰ মহানুভৱতা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

গছৰপৰা পৰি দুয়োখন ভৰি ভগা ব্যক্তিলৈ আগবঢ়ালে হুইল চেয়াৰ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ এগৰাকী উদীয়মান যুৱ সমাজকৰ্মীৰ মহানুভৱতাক সকলোৱে শলাগ লৈছে। পহিলা লকডাউনৰ সময়ছোৱাৰে পৰা বৰ্তমান সময়লৈকে সমাজৰ দুৰ্বল শ্ৰেণীৰ পৰিয়ালসমূহলৈ নিজৰ সাধ্যানুসৰি খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত মূল্যৱান গছপুলি ৰোপণ আৰু বিতৰণ কৰি অহাৰ উপৰি লকডাউনৰ সময়ছোৱাত নিজা গাড়ীৰে দুখীয়া পৰিয়ালৰ ৰুগীয়া লোকক চিকিৎসালয়লৈ অনা-নিয়া কৰিয়ো সহায় কৰি আহিছে। উল্লেখ্য, বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰৰ সমীপৰ বৰবৰি অনুসূচিত জাতিৰ বসতিপ্ৰধান গাঁৱৰ কমলেশ্বৰ দাস বিগত চাৰি মাহৰ পূৰ্বে গছৰপৰা পৰি দুয়োখন ভৰি ভাগি পৰিছিল আৰু এতিয়ালৈকে বিচনাতে কটাবলগীয়া হৈ আহিছে। দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা এই গৰাকী দুৰ্ভগীয়া দুখীয়া পৰিয়ালৰ লোকজনৰ এনে অৱস্থাত দুখীয়া পৰিয়ালটিয়ে দিনতে আন্ধাৰ দেখিবলৈ লৈছে। অৰ্থৰ অভাৱত বিনা চিকিৎসাত শয্যাশায়ী হৈ পৰা ব্যক্তিজনক এখন হুইল চেয়াৰ যুৱ সমাজকৰ্মী যাদৱ দাসে দানসূত্ৰে যোৱা ২ জুলাইত নিজা ঘৰতে গৈ প্ৰদান কৰে। উদীয়মান যুৱ সমাজকৰ্মী যাদৱ দাসৰ এনে মহানুভৱতাক সম্প্ৰতি সমষ্টিটোৰ অধিকাংশ ৰাইজে শলাগ লৈছে।

(ফটো আৰু ভাষ্যঃ যাদৱ দাসৰ।) নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন টাইম লাইন অসম।

 
 
 

Comments


OUR PROGRAM
bottom of page