top of page
  • Writer's pictureTimeline Asom

উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহাসিক হোজাইৰ জয়নগৰ মাদ্ৰাছাত ৰহস্যজনক চুৰি কাণ্ড।


দিনে নিশাই তিনিজনকৈ নিৰাপত্তাৰক্ষীৰ পহৰা আৰু চি.চি. কেমেৰা থকা স্বত্বেও কেনেকৈ দান-পাত্ৰ ভাঙি চোৰে লৈ গ'ল ৰাইজে আগবঢ়োৱা দান-বৰঙণিৰ ধন ? কিন্তু এতিয়া শুনক ঘটনাৰ আঁৰত ৰহস্য । আচৰ্যজনক কথাটো হ'ল যে, ৰাইজে বছৰি লাখ লাখ টকা সাহাৰ্য আগবঢ়োৱা মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ চি.চি. কেমেৰা আৰু বিদ্যুতৰ বিসংগতি দুৰ কৰাৰ নাই সামৰ্থ্য । পৰিচালনা সমিতিৰ চৰম গাফিলতিৰ সুজোগ ল'লে দুৰ্বৃত্তই। যাৰ বাবে সহজতে দান পাত্ৰৰ তলাভাঙি নিব পাৰিলে ৰাইজে আগবঢ়োৱা দান-বৰঙণিৰ ধন। যিয়েই নহওঁক কিয় চুৰিকাণ্ড সন্দৰ্ভত মাদ্ৰাছা পৰিচালনা সমিতি আৰু অঞ্চলবাসীয়ে মোৰাঝাৰ আৰক্ষীত পৃথকে পৃথকে দাখিল কৰিছে গোচৰ । ইতিমধ্যে গোচৰৰ ভিত্তিত আৰক্ষীয়ে তিনিজন নিৰাপত্তা ৰক্ষীৰ লোকো কৰিছে মোতায়েন । কিন্তু ইমানখিনি নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো কেনেকৈ সংঘটিত হ'ল এই ৰহস্যজনক চুৰিকাণ্ড তাক লৈ সৰ্ব্বত্ৰতে এতিয়া অব্যাহত আছে আলোচনা-সমালোচনা। এক সঠিক তদন্তৰ দাবী তুলিছে অঞ্চলটোৰ সচেতন ৰাইজে।


ডবকাৰ পৰা

হাচনুল ইছলামৰ প্ৰতিবেদন টাইম লাইন অসম ।।

11 views0 comments

Comments


bottom of page