top of page

আহাৰ-বৈভৱ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 12, 2020
  • 1 min read

Updated: Jul 13, 2020


ree

ৰ'দে চকু চাত মাৰি ধৰিলেও আহাৰৰ বুকুত আছে বিপুল সম্ভাৱনা। অসমীয়া চহা জীৱনত আহাৰ মাহৰ আছে এক সুকীয়া ভূমিকা। আহাৰ মানেই কৃষকৰ সীমাহীন পথৰুৱা ব্যস্ততা। ৰসাল কথাৰে চলে ৰোৱনীৰ ভূই ৰোৱাৰ এক অঘোষিত প্ৰতিযোগিতা। বিপুল সম্ভৱা আহাৰৰ পথাৰতে প্ৰস্ফুটিত হয় কৃষকৰ শাওণীয়া আশা।এইবেলি পৰিৱেশ-পৰিস্থিতি অনুকুল নহ'লেও অব্যাহত আছে কৃষকৰ পথৰুৱা ব্যস্ততা।

পথাৰ কবি ৰাম গগৈৰ ভাষাতেই--

"শাওণৰ মেঘমুক্ত নীল আকাশ

সূৰ্যস্নাত ক্লেদময় হে বিশাল পথাৰ

বিপুল সম্ভৱা !

নাঙলৰ সীৰলুত সোণফলা মাটিৰ কামনা

ঘৰ্মাক্ত দেহ আৰু দেহাটিত সৃষ্টিৰ চেতনা "

হয়, আহাৰমহীয়া ৰ'দ-বৰষুণ নেওচি সৃষ্টিৰ চেতনা বুকুত লৈ কৃষকে সোণফলা মাটিত সপোন সিঁচে। মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণে জীপাল কৰা হেঁপাহৰ পথাৰত সোণগুটি গজোৱাৰ সাতামপুৰুষীয়া সংগ্ৰাম কৰে।

আহাৰৰ পথাৰৰ আছে সুকীয়া সৌন্দৰ্য।পথৰুৱা মলয়াত বিয়পে কাউৰীপুৱাতে কৃষকে কৰ্ষণ কৰা বোকা- মাটিৰ গোন্ধ। মুঠি মুঠি কঠীয়াৰ পুৰাতন গোন্ধ আৰু ৰোৱনীয়ে শালিকী পুৱাতেই হাচতিত বন্ধা পচোৱা তামোলৰ গোন্ধ... নাইবা ৰোৱনীয়ে আলিত বহি কলপাতত চকলিয়াই লোৱা পকা আমৰ লোভনীয় গোন্ধ !


সময়ৰ সোঁতত পথাৰৰ পৰম্পৰাগত ছবিখন

কিছু সলনি হ'লেও, কৃষক ৰাইজ সমস্যাৰে জৰ্জৰিত হ'লেও আহাৰ-শাওণৰ পথৰুৱা ব্যস্ততাৰ মাজতেই উজ্জীৱিত হয় অসমীয়া চহা জীৱনৰ ছন্দ । বিপুল সম্ভৱা পথাৰৰ বুকুতেই শিপাই কৃষকৰ সোণোৱালী স্বপ্ন।আহাৰৰ বুকুতেই ৰচিত হয় কৃষিজীৱি জীৱনৰ গদ্য ।

সোণাপুৰৰ পৰা চন্দন মালাকৰৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Commentaires


OUR PROGRAM
bottom of page