আন্দোলনকাৰীৰ মুক্তিৰ দাবীত ওদালগুৰি জিলাৰ টংলা চহৰত মানৱ শৃংখল
- Timeline Asom
- Jul 21, 2020
- 1 min read
কা-বিৰোধী আন্দোলনৰ বাবে কাৰাৰুদ্ধ হৈ থকা সকলো আন্দোলনকাৰীৰ মুক্তিৰ দাবীত ওদালগুৰি জিলাৰ টংলা চহৰত মানৱ শৃংখল ।।

জননেতা অখিল গগৈ, দেবাংগনা কলিতা আৰু বলদেৱ তেলীক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুক্তিৰ লগতে ক’লা আইন "কা" প্ৰত্যাহাৰৰ দাবীত আজি ওদালগুৰি জিলাৰ টংলা চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, আক্ৰাছু, আটছা, এ.বি.এম.ছু., সদৌ বি.টি.আৰ. গৰিয়া-মৰিয়া দেশী ছাত্ৰসন্থাই যৌথ ভাৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি স্বৈৰাচাৰী বিজেপি চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰি অহা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী জনতাই অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰিবলৈকো চৰকাৰক দাবী জনাই ৷ অন্যান্য জাতীয়, জনগোষ্ঠীয় দল-সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই একেখন মঞ্চৰ পৰা বিজেপি চৰকাৰৰ অন্যায় আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে কৰা
প্ৰতিবাদী কাৰ্যসূচীয়ে ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে ।
মঙলদৈৰ পৰা
মৃদুল বড়াৰ প্ৰতিবেদন
টাইমলাইন অসম ।।
Comments