top of page

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 1 min read

কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা



আজি সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ জিলা সমিতিৰ অধীনস্থ কদম আঞ্চলিক সমিতিৰ উদ্যোগত বগীনদীৰ চিয়াজুলি অকৰাবস্তিস্থিত বীৰ বিৰছা মুণ্ডা ভৱনত পালন কৰা হয় ।

কৰ'না ভাইৰাছক কেন্দ্ৰ কৰি অনুষ্টুপিয়াকৈ পালন কৰা প্ৰতিষ্ঠা দিৱসটিত পুৱা পতাকা উত্তোলন কৰে কদম আঞ্চলিক আছাৰ সভাপতি ৰোবেন চুৰিণে আৰু ছহিদ তৰ্পন কৰে কদম আঞ্চলিকৰ সম্পাদক হিতেশ্বৰ চবৰে ।

মূল সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা আছাৰ প্ৰচাৰ সম্পাদক সিদ্ধেশ্বৰ দীপে ।

মূল সভাত বিশিষ্ট অতিথি হিচাপে লখিমপুৰ জিলা আদিবাসী চাহ-জনজাতি ছাত্ৰসন্থাৰ সভাপতি অশোক লাক্ৰা , ঢকুৱাখনা শাখা সমিতিৰ শিক্ষা সম্পাদক মনোজ মুণ্ডা, ক্ৰীড়া সম্পাদক আকাশ ৰজক, লখিমপুৰ জিলা আছাৰ যুতীয়া সম্পাদক সঞ্জীৱ ওৰাঙে অংশগ্ৰহণ কৰে ।

উপস্থিত অতিথি সকলে আদিবাসী জনগোষ্ঠীৰ সমস্যা সম্পৰ্কে সভাত আলোকপাত কৰে ।

আনহাতে, আদিবাসী ছাত্রসন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ কদম অঞ্চলৰ পৰা এইবৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৫ গৰাকীকৈ শিক্ষাৰ্থীক কদম আঞ্চলিক আছাৰ তৰফৰ পৰা ফুলাম গামোচা, কলম আদিৰে সম্বৰ্ধনা জনোৱা হয় ।



সম্বৰ্ধনা সভাৰ আঁত ধৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী দেউতী তপ্ন', সম্পাদিকা মৰমী ৰৈ দাস আৰু কদম আঞ্চলিক আছাৰ শিক্ষা-সম্পাদক চন্দন গড়ে ।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন

টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page