আজিৰ দহটা মুখ্য বাতৰি
১ | উত্তৰ-পূৰ্বাঞ্চল,দেশ বিকাশৰ কেন্দ্ৰস্থল -এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।
২|ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শেহতীয়াকৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা-১৯৩৫০ গৰাকী । ইয়াৰ বিপৰীতে,চিকিৎসাধীন ৰোগীৰ সংখ্যা-৮৩২৫ গৰাকী ।
৩| কৰ'ণাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যত বানৰ সংহাৰী ৰূপ। এই পৰ্যন্ত মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা-৮৯ গৰাকী ।
৪| বিশিষ্ট সাহিত্যিক , বুৰঞ্জীবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ লীলা গগৈ দেৱৰ আজি ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী ।টাইমলাইন অসমৰ ফালৰ পৰা তেখেতলৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত।
৫|বাক-স্বাধীনতা খৰ্ব কৰা চৰকাৰৰ বিৰুদ্ধে সৰৱ উপমণ্যু হাজৰিকা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি গগৈক আইনী সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস জেষ্ঠ অধিবক্তা গৰাকীৰ।
৬| ক্ৰীড়া জগতলৈ সুখবৰ। অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা ২৯ খন ৰাজ্যিক ক্ৰীড়া সন্থা তথা ২৫ খন জিলা ক্ৰীড়া সন্থালৈ আৰ্থিক অনুদান ।
৭| ৰাজ্যত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ। ৩০ আৰু ৩১ জুলাইত যাতায়াতৰ বাবে অনুমতি প্ৰদান ।
৮| কৰ'ণাত আক্ৰান্ত হৈ অসম আৰক্ষীৰ তৃতীয় গৰাকী ব্যক্তিৰ মৃত্যু।
৯|অখিল গগৈৰ মুক্তিৰ দাবীত আজিও ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
১০| পুনৰ বাঘজানত অঘটন। দীৰ্ঘদীন ধৰি জ্বলি থকা জুইৰ নিৰ্বাপণত নিৰন্তৰ প্ৰচেষ্টাত ব্ৰতী থকা তিনি বিদেশী বিশেষজ্ঞ আহত।
- অভিজিত গগৈ, টাইমলাইন অসম।
Комментарии