top of page

শিলনীজানত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন।

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 15, 2020
  • 1 min read

Updated: Aug 16, 2020


আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসঃ


দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ লগতে বৃহত্তৰ শিলনীজান অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান ,চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে স্বাধীনতা দিৱস পালন কৰে। স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত শিলনীজান শাখা লেখিকা সমাৰোহ সমিতি, শিলনীজান শাখা সাহিত্য সভা , শংকৰদেৱ শিশু বিদ্যা নিকেতনকে ধৰি ভালে সংখ্যক শিক্ষানুষ্ঠানে চৰকাৰী নীতি- নিৰ্দেশনা বৰ্তাই ৰাখি স্বাধীনতা দিৱস পালন কৰে । পতাকাৰ তলত সমবেত হৈ সকলোৱে

ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে বন্দে মাতৰম, ভাৰত মাতাৰ জয় ধ্বনি দি দিনটো সুন্দৰ কৰি তোলে।



কাৰ্বি আংলঙৰ পৰা

পৰিমিতা গোস্বামীৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comentarios


OUR PROGRAM
bottom of page