top of page

অৰ্ধ শতাধিক কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 7, 2020
  • 2 min read

নাৰায়ণপুৰৰ বঠাখানাত বঠাখানা কৰ্মচাৰী পৰিষদ, বঠাখানা ক্ৰীড়া সন্থা, টিএমপিকে আৰু বঠাখানা গাঁওৰক্ষী বাহিনীৰ যৌথ প্ৰচেষ্টাত অৰ্ধ শতাধিক কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান।।



সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ ঐতিহ্যমণ্ডিত বঠাখানা অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্ধ শতাধিক কৃতী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। বঠাখানাস্থিত কৃষ্ণকান্ত সন্দিকৈ বিদ্যামন্দিৰত এই উদ্দেশ্যে ৫ জুলাইত লকডাউনৰ সামাজিক দূৰত্ব ৰক্ষা কৰি এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। আউনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধানশিক্ষক ৰেৱকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে গোহাঁইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মগেন লাগাচুৱে। শিক্ষক তথা বঠাখানা কৰ্মচাৰী পৰিষদৰ মুখ্য সম্পাদক হৰিচৰণ পেগুৱে আঁতধৰা অনুষ্ঠানটোত মিচিং সাহিত্যসভাৰ প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন কৰ অধীক্ষক তুলেশ্বৰ পেগু, বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° মিনেশ্বৰ দলে, বঠাখানা বৰপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক উমাকান্ত পেগু, বঠাখানা গাঁওৰক্ষী বাহিনীৰ সভাপতি চন্দ্ৰেশ্বৰ দলে, বিশিষ্ট সমাজ সেৱক মাখন পেগু, এম.এম.কে.ৰ বিহপুৰীয়া জিলা সমিতিৰ সম্পাদক জীতেন্দ্ৰ দলে, পিছলাপৰীয়া উন্নয়ন সমিতিৰ সম্পাদক দেৱেন বৰুৱা আৰু লুইতপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক জগত গগৈয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি শৈক্ষিক দিশত বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ অতি দুখীয়া কৃষকৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ চন্দন পেগুৱে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰপৰা সুখ্যাতিৰে ৯৪.৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য, চন্দনে কেৱল ১ নম্বৰৰ বাবেই দহটা স্থানৰপৰা বঞ্চিত হ'ব লগা হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ দুখীয়া পৰিয়ালৰ ছাত্ৰী তৃষ্ণা পেগুৱে ৮১ শতাংশ নম্বৰসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ডম্বৰুধৰ পেগুৱে জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু অঞ্চলটোৰ অৰ্ধ-শতাধিক কৃতী শিক্ষাৰ্থীক গামোচা, গ্ৰন্থ, গছপুলি, বহী, কৰ্ম আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে পথালি পাহাৰৰ যুগ বৰুৱা মজলীয়া বিদ্যালয়ৰ শিক্ষক তথা বঠাখানা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক উৰসেন দলেই।

(ফটো আৰু ভাষ্যঃ মুখ্য সম্পাদক হৰিচৰণ পেগু। )

নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন,

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page