top of page
  • Writer's pictureTimeline Asom

অসমৰ এক বলিষ্ঠ কন্ঠ আজি নিমাত।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা তথা বিজেপি নেতা অশ্বিনী চেতিয়া আৰু আমাৰ মাজত নাই

* দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াই গুৱাহাটীৰ Health City হাস্পতালত বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।

* বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে ।

* নিশা ১২.১৫ মিনিটত মৃত্যুক আকোঁৱালি লয় নেতাগৰাকীয়ে।

* আহোম জনগোষ্ঠীৰ এগৰাকী শক্তিশালী নেতা অশ্বিনী চেতিয়া বহু বছৰ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত থাকি শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিছিল।

* বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল প্ৰয়াত চেতিয়া।

* মৃত্যুৰ সময়ত পত্নী, সন্তানকে ধৰি বহু আত্মীয়-স্বজন এৰি থৈ যায়।

* অশ্বিনী চেতিয়াৰ বিয়োগত সমগ্ৰ শিৱসাগৰৰ লগতে জন্মস্থান হাঁহচৰা ন-পাম চেতিয়াগাঁৱত শোকাকুল পৰিৱেশ।

শিৱসাগৰৰ পৰা মাধৱ গগৈ. অভিজিৎ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।

14 views0 comments

Коментарі


bottom of page