top of page

অসমবাসী তথা নগাঁওবাসীৰ বাবে এক সুখবৰ

Writer: Timeline Asom
Timeline Asom
Aug 7, 2020
1 min read


পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত "আৰ্থ ডেই নেটৱৰ্ক" নামৰ আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থাই প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ "আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ" সন্মান। সমগ্ৰ ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ দুলু বৰাই লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মান। দুলু বৰাই বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ, হস্তী-মানুহৰ সংঘাত ৰোধৰ অহৰহ প্ৰচেষ্টা কৰাৰ উপৰিও বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ লগত জড়িত থকাৰ বাবে সংস্থাটোৱে প্ৰদান কৰিছে এই বিষয়ে সন্মান। উল্লেখযোগ্য যে, নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি ৰংহাং গাঁৱৰ ৰাইজৰ কৃষিকাৰ্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সন্মানেৰে সন্মানিত দুলু বৰাক ২০১৯ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে "সামুহিক কৰ্ম বঁটা" প্ৰদান কৰিছিল। ইফালে,এইবছৰৰ বিশেষ আন্তৰ্জাতিক সন্মান লাভ কৰি বিনোদ দুলু বৰাই সন্তুষ্টি প্ৰকাশ কৰাৰ উপৰিও অনাগত দিনবোৰত প্ৰকৃতি সংৰক্ষণ , বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন ভাৱে কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত আশ্বাস প্ৰদান কৰে।



পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page