top of page

অসমীয়া ব্যাকৰণ আৰু ৰচনা সম্ভাৰ' উন্মোচন

Writer: Timeline Asom
Timeline Asom
Jul 7, 2020
1 min read

লেখিকা ইভাৰাণী গোস্বামীৰ নৱতম গ্ৰন্থ

'অসমীয়া ব্যাকৰণ আৰু ৰচনা সম্ভাৰ' উন্মোচন ।।


ছাত্ৰ-ছাত্ৰীৰ ভাষা জ্ঞানৰ বিকাশ আৰু পৰিমাৰ্জিত ৰূপত ভাষা এটি জীয়াই ৰাখিবলৈ ব্যাকৰণৰ জ্ঞান থকাটো নিতান্তই দৰকাৰ।ছাত্ৰ-ছাত্ৰীসকলৰ এনে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ব্যাকৰণৰ বিষয়বস্তু সন্নিৱিষ্ট কৰি সুদীৰ্ঘ দিনৰ প্ৰচেষ্টাৰ অন্তত মাজুলীৰ 'আইলেণ্ড একাডেমী'ৰ বিষয় শিক্ষয়িত্ৰী ইভাৰাণী গোস্বামীয়ে ৰচনা কৰা 'অসমীয়া ব্যাকৰণ আৰু ৰচনা সম্ভাৰ' নামৰ গ্ৰন্থখন আজি গড়মূৰ প্ৰেছ ক্লাৱত মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিশিষ্ট কবি উৎপল দলেই উন্মোচন কৰে। ঔৱা সত্ৰৰ বৰ্ষীয়ান বৈষ্ণৱ পূৰ্ণানন্দ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উন্মোচনী অনুষ্ঠানটি সঞ্চালনা কৰে গড়মূৰ প্ৰেছক্লাৱৰ সভাপতি তথা জেষ্ঠ সাংবাদিক অৰুণ বৰাই।

ৰঙাচাঁহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰামসাগৰ নাথে উদ্বোধনী ভাষণ প্ৰসংগত লেখিকাগৰাকীয়ে অসমীয়া ব্যাকৰণৰ দৰে এটি গুৰুত্বপূৰ্ণ বিষয়ত মনোনিৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ উপযোগী গ্ৰন্থখন প্ৰণয়ন কৰা মহৎ কাৰ্যৰ শলাগ লয়।

গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্ত আৰু মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মিনতি শইকীয়াই বিশিষ্ট অতিথিৰ ভাষণত লেখিকাগৰাকীৰ সাহসী কাৰ্যৰ প্ৰশংসা কৰে।

মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকা, গল্পকাৰ মুনমী দত্তৰ লগতে মাজুলীৰ কেইবাগৰাকীও গন্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত সঞ্চালক তথা বিশিষ্ট কবি উৎপল দলেৰ সুন্দৰ কবিতা পাঠ আৰু শিশু-শিল্পী ঋষিতা গোস্বামীৰ সুমধুৰ গীত পৰিৱেশনে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ

টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page