top of page
  • Writer's pictureTimeline Asom

অসম বিধান সভাৰ প্ৰতি গৰাকী বিধায়কলৈ  মুকলি প্ৰশ্ন

অসম বিধান সভাৰ প্ৰতি গৰাকী বিধায়কলৈ  মুকলি প্ৰশ্ন কেতিয়া অৱসান ঘটিব অসমৰ  বান

সমস্যাৰ ? *অসমৰ বান সমস্যা সমাধানৰ বাবে সদিচ্ছাৰ অভাৱ নে ব্যৰ্থতা বিভিন্ন সময়ৰ বিভিন্ন দ'লৰ চৰকাৰ সমুহৰ? 


চৰকাৰৰ জলসম্পদ মন্ত্রী আৰু বিভাগৰ হেমাহিৰ বাবেই বছৰ বছৰ ধৰি বান সমস্যাই লগ এৰা নাই অসম বাসীৰ। 

✍ মৃদুল বড়া 

আপুনি গমেই পায় নিশ্চয়। কিন্ত্ত হিন্দু-মুছলমান বিতৰ্ক কৰা,বেগমজান বিতৰ্ক কৰা,বা নিজকে পুজিবাদৰ প্ৰবক্তা বুলি ভৱা সকল, বা চৰকাৰৰ গুণমুগ্ধ সকল বা তথা-কথিত জয় শ্ৰীৰাম বুলি টেটুফলা সকলে গম পালে নে? ২০১৮-২০১৯ বৰ্ষত আৱন্টিত পুঁজিৰ বুজন পৰিমানৰ ধন ব্যয়ত ব্যৰ্থ অসম চৰকাৰৰ প্ৰায়বোৰ বিভাগ। জল সম্পদ (বান নিয়ন্ত্ৰণ) বিভাগক বৰ্ষটোত ১১৪০.৯২ কোটি টকা আৱন্টন দিয়া হৈছিল আৰু ব্যয় কৰিলে ৬৫৮.৪৯ কোটি টকা। ব্যয়ৰ শতাংশ হাৰ মাত্র ৫৮শতাংশ। আনহাতে ২০১৭-২০১৮ বৰ্ষত জলসম্পদ(#বান #নিয়ন্ত্ৰণ) বিভাগে মাত্র ২১শতাংশহে ব্যয় কৰিছিল। আবন্টিত ধন খৰচ নকৰে বিভাগ সমূহে বা ব্যয় কৰাত ব্যৰ্থ । তাৰে বৰ্তমান সময়ত আটাইতকৈ সমালোচিত হোৱা বিভাগটো হৈছে জলসম্পদ বিভাগটো। আনহাতে প্ৰতি বছৰে ৰাইজে বান সমস্যা সমাধান আৰু মথাউৰি নিৰ্মাণৰ বাবে প্ৰতিবাদৰে উত্তাল কৰিব লগা হয় অসমৰ ৰাজপথ ! ভাবিলে আচৰিত নালাগে নে বাৰু? পুৰ্বৰ কংগ্ৰেছ চৰকাৰ খনৰ নানান ব্যৰ্থতা তথা দুৰ্নীতিৰ পৰা পৰিত্রাণ বিচাৰি অসমৰ ৰাইজে  বৰ্তমানৰ বিজেপি চৰকাৰ খনক  ক্ষমতালৈ আনিছিল। ক্ষমতা গ্ৰহণৰ পিছে পিছে প্ৰতি একশ দিনৰ মুৰে মুৰে কামৰ প্ৰতিবেদন দিয়াৰ কথা কৈছিল! কিন্ত্ত বৰ্তমান কাৰ্যতঃ ফুটুকাৰ ফেন। ওপৰত উল্লেখ কৰা আবন্টিত ধনৰ যি সামান্য পৰিমানৰ ব্যয় কৰিলে চৰকাৰ খনে সেই ব্যয়টো ব্যাপক পৰিমানৰ দুৰ্নীতিৰ অভিযোগ নুঠা নহয়। সংবাদ জগতত টোলপাৰ লগাই থৈছে সেই দুৰ্নীতিয়ে। এই সময়ত অসমৰ জনসাধাৰণে বানত ককবকাই থকা সময়ত আমাৰ কল্যাণ কামী চৰকাৰ খনৰ দায়িত্বত থকা মূখ্যমন্ত্রী,বিত্তমন্ত্রী,জলসম্পদ মন্ত্রীক তথা বিধায়ক সকলক প্ৰশ্ন সোধাৰ সময় নহয়নে? বান সমস্যা ৰোধৰ বাবে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ নে ব্যৰ্থতা? অসম বিধান সভাৰ শাসক বিৰোধিৰ প্ৰতিজন বিধায়কলৈ (১২৬ টা সমষ্টিৰ বিধায়ক এটা প্ৰশ্ন অসমৰ জলন্ত বান সমস্যা সমাধানৰ বাবে যদিহে সদিচ্ছা  আছে তেন্তে কিয়    আবন্তন হোৱা ধণৰাশিৰ ১০০% ব্যৱহাৰ নহয়? উত্তৰ পাম নে মন্ত্ৰী  বিধায়ক  সকল?      

phone - 8638585870 

93 views0 comments

Comments


bottom of page