top of page

অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 5, 2020
  • 1 min read

ree

বিকাশ আৰু পৰিৱৰ্তনৰ শ্ল'গানেৰে গাদী দখল কৰাৰ পিছতে পূৱ ঢকুৱাখনাৰ উন্নয়নত যেন এক প্ৰকাৰে পিঠি দিলে স্থানীয় বিধায়ক নৱ কুমাৰ দলেয়ে।ঢকুৱাখনা সমষ্টিত বহু উন্নয়নমূলক কাম-কাজ কৰা হৈছে বুলি মেলে-মিটিঙে ঢাক-ঢোল বজাই থকাৰ সময়তে মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত শ শ ৰাইজে কৰিছে প্ৰতিবাদ।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ অকৰ্মণ্যতাৰ ফলত পূৱ ঢকুৱাখনা পঞ্চায়তৰ পশ্চিম আৰু মাজ ইন্দুগাঁৱৰ শ শ লোকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ। আজি পূৱ ঢকুৱাখনাৰ TMPK সংগঠনৰ উদ্যোগত পশ্চিম আৰু মাজ ইন্দুগাঁৱৰ ৰাইজ ওলাই আহি মন্ত্ৰী নৱ কুমাৰ দলেৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিকৃতি দাহ কৰে।পূৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত লাইপুৰিয়া ছিগা চুক, ভোমামিৰি, ভোমাকাপচন, মাজ আৰু পশ্চিম ইন্দুগাঁৱৰ প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰে ঘৰ নোপোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।উল্লেখযোগ্য যে ,পঞ্চায়তখনে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ৱাৰ্ড-সদস্যৰ অঙহী-বঙহীক দিয়াৰ উপৰিও বিজেপিৰ সমৰ্থনকাৰীয়ে ঘৰ পাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে । মন্ত্ৰী নৱ কুমাৰ দলে সমষ্টিৰ অন্তৰ্গত পূৱ ঢকুৱাখনা পঞ্চায়তৰ কাম-কাজ কিদৰে চলিছে সেয়া উচিত তদন্ত কৰি দৰিদ্ৰ পৰিয়ালসমূহক ঘৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page