অষ্ট্ৰেলীয়াৰ পৰা অহা এজন যুৱকে দেখুৱাইছে আদৰ্শ
Jul 1, 2020
1 min read
অষ্ট্ৰেলীয়াৰ পৰা অহা এজন যুৱকে দেখুৱাইছে আদৰ্শ।

পথাৰৰ মাজত কৃষি ঘৰত কোৱাৰেন্টাইন হৈ আছে যুৱকজন।যুৱকজন কামপুৰ তেতেলীসৰাৰ পাপু হাজৰিকা।যি সময়ত একাংশ যুৱক-যুৱতীয়ে কোৱাৰেন্টাইন চেন্টাৰত উদ্ভণ্ডালিৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰিছে।আনহাতে একাংশই চৰকাৰী নীতি নিয়মক উলংঘা কৰিছে সেই সময়ত পাপু হাজৰিকা নামৰ যুৱকজনে দেখুৱাইছে আদৰ্শ।নগাঁৱত ৬ দিন কোৱাৰেন্টাইন হৈ অহাৰ পাছত পাপু হাজৰিকাই পৰিয়ালক সুৰক্ষা দিয়াৰ উদ্দেশ্যে পথাৰৰ কৃষি ঘৰৰ এটা জুপুৰি গৃহত অকলশৰে কোৱাৰেন্টাইন হৈ আছে।পৰিয়ালৰ লোকে আহাৰৰ যোগান ধৰি আহিছে প্ৰতিদিনে।আনহাতে চৰকাৰী সাহাৰ্য পোৱা নাই বুলি প্ৰকাশ কৰিছে যুৱকজনে।
উল্লেখযোগ্য যে যুৱকজনে সমাজৰ লগতে পৰিয়ালৰ লোকক সুৰক্ষা দিবলৈ লোৱা পদক্ষেপক শলাগ লৈছে সকলোৱে।
কামপুৰৰ পৰা কুকিল বৰা,টাইমলাইন অসম






Comments