অবৈধভাৱে মাটি খন্দা ব্যক্তিৰ ঘনিষ্ঠই চোঁচা ল’লে সাংবাদিকলৈ
- Timeline Asom
- Jul 9, 2020
- 1 min read

জয়সাগৰৰ সমীপৰ ৰুদ্ৰসাগৰ অঞ্চলত থকা আহোম ৰাজত্বকালৰ পুৰণি পুখুৰীৰ পাৰত একাংশ লোকে মাটি কাটি ব্যৱসায় চলাই থকাৰ বিষয়ে গম পাই বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হয় শিৱসাগৰৰ দুই সাংবাদিক মনোজ কুমাৰ গগৈ আৰু দ্ৰোণ খঙীয়া। ঐতিহাসিক পুৰণি পুখুৰীৰ পাৰৰ মাটি খন্দোৱাৰ কাৰ্য্যত প্ৰত্যক্ষ ভাৱে জড়িত থকা লোকে সাংবাদিক দুজনক দুৰ্ব্যৱহাৰ কৰি ফটো লোৱাত বাধা প্ৰদান কৰাৰ লগতে কেমেৰা কাঢ়ি ল'বলৈ উদ্যত হৈ পৰে। এই ঘটনাক সচেতন মহলে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ তদন্ত কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনক দাবী জনাইছে। লগতে দুয়োজন সাংবাদিকে ন্যায় বিচাৰি আইনৰ সহায় ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম।
Comentarios