top of page

অবৈধ খনন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 1 min read

লখিমপুৰৰ দীৰ্ঘা নদীৰ কোৱেৰীত অবৈধ খনন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ।।

খননে ভাবুকিৰ সৃষ্টি কৰিছে কেইবাখনো গাঁৱত ।।

জিলা উপায়ুক্তক তদন্তৰ দাবী ।।

ree

লখিমপুৰ জিলা বনবিভাগৰ অধীনৰ কাকৈ সংৰক্ষিত বন উন্নয়ন খণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ দীৰ্ঘা নদীত চলি থকা খননৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে।

নৈখনৰ বুকুত অবৈধ ভাৱে চলি থকা খননৰ ফলত সমীপৱৰ্তী গাওঁবোৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি দুখন গাঁৱৰ দুই শতাধিক পুৰুষ-মহিলা ওলাই আহি খননকাৰ্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে ওলাই গৈ দীৰ্ঘা আৰু শুকানজুলিত চলি থকা খনন বন্ধ কৰিবলৈ সঁকিয়াইছিল ।

কিন্তু স্থানীয় ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই মইমতালিৰে মহলদাৰে নৈ দুখনত অবৈধ ভাৱে দৈনিক পাঁচ ছয়খন এক্সভেটৰ ব্যৱহাৰ কৰি শ শ ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰে শিল বালিৰ সৰবৰাহ কৰি আহিছে ।

ree

এনেদৰে নৈ দুখনৰ পাৰ খান্দি চলাই থকা খননৰ ফলত ভৰ বাৰিষাৰ বতৰত খহনীয়া সৃষ্টি কৰি নামনি অংশৰ গাঁওসমুহলৈ ভাবুকিৰ কঢ়িয়াই আনিছে।

কিন্তু সৰ্বসাধাৰণ খাটিখোৱা লোকৰ প্ৰতিবাদক অগ্ৰাহ্য কৰি, প্ৰতিবাদক কৌশলেৰে দমন কৰি ৰাখিবলৈ চেষ্টা কৰা মহলদাৰ আৰু জিলা বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰূদ্ধে তদন্ত কৰি শীঘ্ৰে দীৰ্ঘা কোৱেৰী বন্ধ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজে।


- বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page