top of page

"অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম"ৰ উদ্যোগত বটদ্ৰৱাত সাংবাদিক আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 21, 2020
  • 1 min read

অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ উদ্যোগত আজি বটদ্ৰৱাত সাংবাদিক আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। যুৱ পৰিষদৰ কাৰ্যকৰ্তাসকলে কৰ'না ভাইৰাছৰ আতংকৰ সময়ত সন্মুখৰ পৰা যুঁজ দিয়া যোদ্ধা হিচাপে পৰিগণিত বটদ্ৰৱাৰ সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মাস্ক বিতৰণ কৰে।

অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ মুখ্য উপদেষ্টা প্ৰমোদ কুমাৰ দাস, কেন্দ্রীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস, বিত্তীয় সম্পাদক কনকজিৎ দাস, ৰঞ্জন দাস, ৰঞ্জিত দাস, সমাজকৰ্মী প্ৰশান্ত ভৰালীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ অন্তত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বটদ্ৰৱা অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায় । উল্লেখ্য যে, অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদ উদ্যোগত বিগত দিনবোৰত অসমৰ বিভিন্ন স্থানত কৃতিমানসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ক'ভিড-১৯ৰ সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

- বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page