top of page
  • Writer's pictureTimeline Asom

অগৰাতলী বন বিভাগৰ অবিবেচক কাণ্ড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত স্থানীয় মাছমৰীয়াক আতক।


অগৰাতলী বনবিভাগৰ বনকৰ্মীয়ে স্থানীয় লোকক বহু দিনৰ পৰা হাৰাশাস্তি কৰি অহা ঘটনাৰ পুনৰাবৃত্তি ঘটাই দেওবাৰে আটক কৰে স্থানীয় ছয়জনকৈ মাছমৰীয়াক।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলীৰ বনবিভাগৰ বনকৰ্মীয়ে স্থানীয় লোকৰ লগত সহজ সম্পৰ্ক বজাই নৰখাৰ অভিযোগ নতুন নহয় । উদ্যানখনৰ পৰা খৰি সংগ্ৰহ কৰা বা মাছ ধৰাকে ধৰি নানা অজুহাতত দীৰ্ঘদিন ধৰি স্থানীয় লোকক অত্যাচাৰ কৰাৰ স্থানীয় লোকে কৰা অভিযোগ বহুদিনীয়া।


এনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটে দেওবাৰে। অগৰাতলীৰ শুকানি গাঁৱৰ ছয়জন লোকে দেওবাৰে এখন ৰাজহুৱা বিলত মাছ ধৰি থকা অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰবেশ কৰি মাছ ধৰিছে বুলি এক অবিবেচক অভিযোগ তুলি অগৰাতলী বন বিভাগৰ বনকৰ্মীয়ে হঠাতে আটক কৰে লোককেইজনক। ইফালে বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমা অস্পষ্ট হৈ থকাৰ বাবে সামান্যভাৱেহে লোককেইজনৰ প্ৰবেশ ঘটিছিল উদ্যানখনৰ অন্তৰ্ভাগত।

এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।


উল্লেখযোগ্য যে, দীঘলীয়া লকডাউনৰ বাবে সাধাৰণলোকৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰত আহি পৰা বিভিন্ন সমস্যাৰ ফলত নৈ-বিলৰ মাছ ধৰি জীৱন-জীৱিকা বৰ্তাই ৰাখিবলগীয়া হৈছে সাধাৰণ গাঁওবাসীয়ে। আনহাতে, লকডাউনৰ বাবে ওলাই যাব পৰা নাই দিন-হাজিৰালৈয়ো ।


ইফালে দেওবাৰে আটক কৰা লোক কেইজনক স্থানীয় লোক আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ সবল প্ৰতিবাদত অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হয় অগৰাতলী বনবিভাগ ।


বোকাখাতৰ পৰা

পল্লৱ হাজৰিকাৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

8 views0 comments

Comments


bottom of page