top of page

অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত কেইবাটাও সংগঠনৰ মানৱ-শৃংখল

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 31, 2020
  • 1 min read

বৃহস্পতিবাৰে দিনৰ ১১বজাত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অখিল গগৈৰ মুক্তিৰ দাবীত বঘৰা চাৰিআলিত এক মানৱ-শৃংখল কাৰ্যসূচী পালন কৰে।অসম চৰকাৰ হায় হায়, BJP go back, অখিল গগৈ জিন্দাবাদ, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, কা আমি নামানোঁ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত সদৌ অসম কৃষক সংঘৰ সমন্বয়ক তুলসী ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উপ-সভাপতি বসন্ত ডেকা,

প্ৰচাৰ সম্পাদক ধৰণী ডেকা, মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যতীন দাস, সম্পাদক দেৱজিৎ পাতৰৰ উপৰিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক খ্যাতিময় বড়াৰ লগতে সংগঠনকেইটাৰ কেইবাজনো সদস্য‌ই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page