অখিল গগৈৰ মুক্তি, ন্যায় আৰু আশু-আৰোগ্য কামনা কৰি পাতেকীবড়ী সত্ৰত ৰাইজে আগবঢ়ালে শৰাই
Jul 23, 2020
1 min read

'কা' আন্দোলনৰ মূল হোতা কৃষক নেতা অখিল গগৈৰ সোনকালে মুক্তিৰ লগতে ন্যায় পোৱাৰ ক্ষেত্ৰত আৰু বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ কামনাৰে বুধবাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাতেকীবড়ী সত্ৰত স্থানীয় ৰাইজে শৰাই এভাগ আগবঢ়ায়। উক্ত অনুষ্ঠানত মৰিগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।
- মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।






Comments